অসম নাগালেণ্ড সীমান্তত চিআৰপিএফৰ জনকল্যাণমূলক আঁচনি ৰূপায়ণ

গোলাঘাট জিলাৰ অন্তৰ্গত ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বি চেক্টৰৰ য়াম্ফা ভিলেজত নিৰপেক্ষ বাহিনী হিচাপে নিয়োজিত চিআৰপিএফৰ দ্বাৰা
অসম নাগালেণ্ড সীমান্তত চিআৰপিএফৰ জনকল্যাণমূলক আঁচনি ৰূপায়ণ

ডিজিটেল সংবাদ, সৰুপথাৰঃ গোলাঘাট জিলাৰ অন্তৰ্গত ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বি চেক্টৰৰ য়াম্ফা ভিলেজত নিৰপেক্ষ বাহিনী হিচাপে নিয়োজিত চিআৰপিএফৰ দ্বাৰা বিভিন্ন সময়ত বহু জনকল্যাণ মূলক আঁচনি ৰূপায়ণ কৰি আহিছে৷ আজিও অসম নাগালেণ্ড সীমান্তত চিআৰপিএফৰ দ্বাৰা তেনে এক জনকল্যাণমূলক আঁচনি ৰূপায়ণ হয়।

বি চেক্টৰৰ য়াম্ফা মাধ্যমিক ইংৰাজী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে নিৰ্মাণ কৰা হয় খোৱাপানী আৰু শৌচালয়। আজি এই নিৰ্মীয়মান আঁচনি য়াম্ফা ভিলেজ কাউন্সিলক হস্তান্তৰ কৰে চিআৰপিএফে ৷ লগতে বিবদমান এ আৰু বি চেক্টৰৰ ৭ খন গাঁৱলৈ সৌৰশক্তি চালিত লাইটৰো যোগান ধৰে নিৰপেক্ষ বাহিনীটোৱে ৷

উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে চিআৰপিএফৰ ১৫৫ নং বেটেলিয়নৰ চি.অ অবিনাশ চৰণ উপস্থিত থাকে ৷ লগতে অনুষ্ঠানত চিআৰপিএফৰ বি চেক্টৰৰ বিষয়া সন্তোষ কুমাৰ সিং, এ চেক্টৰ বিষয়া কুশল চৌধুৰীৰ তথা বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু গাঁওপ্ৰধান ও স্থানীয় ৰাইজ উপস্থিত থাকে৷ উল্লেখযোগ্য যে, এ চেক্টৰৰ সৰ্বমুঠ ৩ খন আৰু বি চেক্টৰৰ ৪ খন গাঁৱত সৌৰশক্তিচালিত লাইটৰ যোগান ধৰা হয় ৷

অসম নাগালেণ্ড সীমান্তত চিআৰপিএফৰ জনকল্যাণমূলক আঁচনি ৰূপায়ণ
আজি কামাখ্যা দৰ্শনৰ বাবে আহিছিল ৰাণী মুখাৰ্জী, কাৰণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in