/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/01b07dca-08c9-4ae2-8806-4e5c51d1643c/AP_FOR_WEB__NRL_.jpg)
নিয়ন্ত্ৰণ হ'ল নুমলীগড়ত সংঘটিত অগ্নিকাণ্ডঃ বতাহত বিয়পা গেছ হ'ব পাৰে ক্ষতিকাৰক...
ডিজিটেল ডেস্কঃ নুমলীগড় শোধানাৰাগাৰত কিছু সময়ৰ পূৰ্বে সংঘটিত হোৱা বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ ফলত সৃষ্টি হোৱা আতংকময় পৰিৱেশ অব্যাহত আছে।
উল্লেখযোগ্য যে, হাইড্ৰ'ক্ৰেকাৰ প্ৰকল্পটোৰ মেৰামতিৰ কাম চলি থকাৰ বাবে অস্থায়ী ভাৱে থকা গেছ প্লাণ্টৰ ছুইছ মেইন প্লাণ্টৰ সৈতে সংলগ্ন কৰাৰ চেষ্টা কৰাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হৈছে।
অৱশ্যে সুখৰ খবৰ যে, এই বিস্ফোৰণ আৰু অগ্নিকাণ্ডত কোনো লোকৰ হতাহতিৰ তথ্য এই পৰ্যন্ত পোৱা হোৱা নাই। আনহাতে চিকিৎসকৰ মতে এই বিস্ফোৰণৰ ফলত বতাহত বিয়পি পৰা গেছ জনস্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে।
সেয়েহে নুমলীগড় শোধনাগাৰৰ সমীপৱৰ্তী জনসাধাৰণক সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনাইছে চিকিৎসকে।
Also Read: এন আৰ এলত ভয়ংকৰ বিস্ফোৰণঃ কেইবা কিলোমিটাৰ দূৰলৈ সৃষ্টি হৈছে জোকাৰণি...