এন আৰ এলত ভয়ংকৰ বিস্ফোৰণঃ কেইবা কিলোমিটাৰ দূৰলৈ সৃষ্টি হৈছে জোকাৰণি...

এন আৰ এলত ভয়ংকৰ বিস্ফোৰণঃ কেইবা কিলোমিটাৰ দূৰলৈ সৃষ্টি হৈছে জোকৰণি...
এন আৰ এলত ভয়ংকৰ বিস্ফোৰণঃ কেইবা কিলোমিটাৰ দূৰলৈ সৃষ্টি হৈছে জোকৰণি...

ডিজিটেল ডেস্কঃ নুমলীগড় শোধানাগাৰত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ। প্ৰাৰম্ভিক খবৰ অনুসৰি এন আৰ এলৰ হাইড্ৰ'ক্ৰেকাৰ প্ৰকল্পত সংঘটিত হৈছে এই বিস্ফোৰণ।

বিস্ফোৰণৰ ফলত ভয়াৱহ অগ্নিকাণ্ডই আগুৰি ধৰে প্ৰকল্পস্থলী। সেই সময়ত প্ৰকল্পস্থলীত যথেষ্টসংখ্যক বিষয়া কৰ্মচাৰী কৰ্তব্যৰত অৱস্থাত আছিল।

এক আতংকময় পৰিৱেশ সৃষ্টি হৈছে নুমলীগড়ত। জুই নুমুৱাবলৈ অগ্নি নিৰ্বাপক বাহিনী আৰু দুৰ্যোগ প্ৰশমন বাহিনীয়ে চেষ্টা অব্যাহত ৰাখিছে।

কেইবা কিলোমিটাৰ দূৰলৈকে শুনা গৈছিল এই বিস্ফোৰণৰ শব্দ। অনুভূত হৈছে জোকাৰণি।

স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি এন আৰ এলৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা কৰ্তব্যৰত শ্ৰমিক, বিষয়াকে ধৰি শতাধিৰ লোকে প্ৰাণৰ মমতাত পলায়ন কৰিছে।

এন আৰ এলত ভয়ংকৰ বিস্ফোৰণঃ কেইবা কিলোমিটাৰ দূৰলৈ সৃষ্টি হৈছে জোকৰণি...
কংগ্ৰেছে ক'লে 'মৌন মোডী' : গৃহমন্ত্ৰীৰ ভ্ৰমণৰ মাজতে মণিপুৰত ২২ জনক আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in