উদ্ভিদ বিজ্ঞানী তথা লোক সংস্কৃতিৰ সাধক পণ্ডিত ড০ পদ্মেশ্বৰ গগৈৰ দেহাৱসান

উদ্ভিদ বিজ্ঞানী তথা লোক সংস্কৃতিৰ সাধক পণ্ডিত ড০ পদ্মেশ্বৰ গগৈৰ দেহাৱসান

ডিজিটেল সংবাদ, গোলাঘাটঃ দেশৰ ভিতৰতে এগৰাকী স্বনামধন্য উদ্ভিদ বিজ্ঞানী তথা অসমীয়া লোক সংস্কৃতিৰ এগৰাকী গৱেষক শিক্ষাবিদ, পণ্ডিত ড০ পদ্মেশ্বৰ গগৈ আৰু নাই। কিছুদিন ধৰি অসুস্থ হৈ থকাৰ পাছত তিনিদিনৰ পূৰ্বে তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰাত ততাতৈয়াকৈ গুৱাহাটীৰ হেলথ চিটি হস্পিতেলত ভৰ্তি কৰা হয় যদিও শনিবাৰে মাজ নিশা তেওঁ ইহলীলা সম্বৰণ কৰে। চিৰকুমাৰ ড০ পদ্মেশ্বৰ গগৈৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৬বছৰ।

১৯৪৬ চনত পুলিবৰ অঞ্চলত জন্মগ্রহণ কৰা ড০ গগৈয়ে গোলাঘাট জিলাৰ বগৰীজেঙৰ জাপিসজীয়া এল পি স্কুলত শিক্ষা জীৱন আৰম্ভ কৰে। প্রাথমিক শিক্ষা সাং কৰি পুলিবৰ এম ই স্কুল আৰু পুলিবৰ আদৰ্শ বিদ্যাপীঠত হাইস্কুলীয়া শিক্ষা গ্রহণ কৰি তাৰ পৰাই ১৯৬৩চনত মেট্ৰিকৰ দেওনা পাৰ হয়। গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা ১৯৬৭ চনত বিজ্ঞান শাখাত ডিষ্টিংশ্যনসহ বি এছ চি পাছ কৰে।

ইয়াৰ পাছতে তেওঁ ১৯৬৮ চনত কাৰ্বি আংলঙৰ দংকমকাম হাইস্কুলত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। ১৯৭০চনত এম.এচ.চি পাছ কৰি ১৯৭১ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰে। তাৰ পৰৱৰ্তী সময়ত ১৯৭১ চনতে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ত উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে চাকৰিত যোগদান কৰে।

কৰ্ম জীৱনৰ মাজতে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ, ব’টানীকেল চাৰভে অৱ ইণ্ডিয়া-কলকাতা, ব'টানিকেল ছাৰভে অৱ ইণ্ডিয়া-শ্বিলং শাখা আদিলৈ গৈ তেওঁ গৱেষণামূলক কাম কৰিবলৈ যোৱাৰ সুযোগ লাভ কৰে। এইখিনি সময়তেই তেওঁ দেশ বিদেশৰ বহু নামজ্বলা বিজ্ঞানীৰ সৈতে মতবিনিময়ৰ সুযোগ লাভ কৰে।

দেৱৰাজ ৰয় মহাবিদ্যালয়ত অধ্যাপনা কৰি থকাৰ কালছোৱাতে অথাৎ ১৯৮২ চনতে উদ্ভিদ বিজ্ঞানৰ অধ্যাপক ড° চম্পকলাল বৈশ্যৰ তত্ত্বাৱধানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁ ২০০৬ চনত দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰি ৫ বছৰমান নেডফিত এমেৰিটাছ বিজ্ঞানী হিচাপে কাৰ্যনিৰ্বাহ কৰে।

প্ৰচাৰ বিমুখ এইগৰাকী ব্যক্তি নিজৰ অধ্যাপনা, গৱেষণাৰ লগতে বিভিন্ন কামত নিয়োজিত হৈ পৰিছিল। তেওঁ অধ্যাপনাৰ কালছোৱাতে নামবৰ বনাঞ্চলখন পুংখানুপুংখ কৈ অধ্যয়ন কৰাৰ লগতে বনাঞ্চলখনক 'উদ্ভিদ শ্রেণী বিন্যাসৰ জীৱিত যাদুঘৰ’(The Living Museum of Plant Taxonomy) বুলি অভিহিত কৰিছিল।

নামবৰ, দেওপাহাৰ বনাঞ্চল আদিৰ বিষয়ে অধ্যয়ন কৰাৰ লগতে বহুত পূর্বেই আৱিষ্কাৰ নোহোৱা গছ-গছনিৰ নামকৰণ কৰিছিল। এইসমূহৰ ভিতৰত কিছুমান ঘাঁহ, ঢেঁকীয়া জাতীয় উদ্ভিদ আৰু ‘জুয়েল অৰ্কিড'ৰ দৰে কিছুমান উদ্ভিদ যিসমূহ দুষ্প্ৰাপ্য প্রজাতি বুলি ইতিমধ্যে বিবেচিত হৈছে।

তেওঁ বনাঞ্চলৰ যিকোনো গৱেষণাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক পুৰণি বনাঞ্চল হিচাপে নামবৰক বাছি ল'বলৈ ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ দিছিল। চাকৰি জীৱনৰ কৰ্মময় সময়চোৱাৰ লগতে অৱসৰৰ পাছতো তেওঁ অসমীয়া থলুৱা লোকসংস্কৃতিৰ সম্পৰ্কত গৱেষণা অব্যাহত ৰাখিছিল।

দেওবাৰে তেওঁৰ মৃতদেহ গুৱাহাটীৰ পৰা পুলিবৰৰ নিজাবাসগৃহ উপস্থিত হোৱাৰ পাছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। বাসগৃহৰ চৌহদতে অনুষ্ঠিত হোৱা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সহস্ৰাধিক লোক, দল, সংগঠন,অনুষ্ঠান- প্ৰতিষ্ঠান আদিয়ে বিশিষ্ট পণ্ডিতগৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পাছতে পুলিবৰ বিহুতলী আৰু গোলাঘাট দেৱৰাজৰয় মহাবিদ্যালয় প্ৰাঙ্গণত তেওঁক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উদ্ভিদ বিজ্ঞানী তথা লোক সংস্কৃতিৰ সাধক পণ্ডিত ড০ পদ্মেশ্বৰ গগৈৰ দেহাৱসান
কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ সমিতি গঠন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in