/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/11bd39e9-932c-4c70-b062-97457b31a4ef/Barsha.jpg)
ডিজিটেল ডেস্ক : বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰী, বৰজান গ্ৰাম স্থানৰ কাৰ্যকৰ্তাসকলৰ উদ্যোগত বৰজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গুৰু পূৰ্ণিমা পালন কৰে। বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ মুকলি কৰে খুমটাই জয়া গগৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা তথা বিবেকানন্দ কেন্দ্ৰৰ শিক্ষা প্ৰচাৰ বিভাগৰ প্ৰান্ত প্ৰমুখ আৰু সম্পাদক ডঃ শুভাৰাণী শৰ্মা বৰকটকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/c8d67c51-b21c-401c-a2d2-9e20d24ea494/aefac2c0_4cfe_4c00_80a8_bfacac8b890e.jpg)
বিশিষ্ট চিকিৎসক বিবেকানন্দ কেন্দ্ৰ গোলাঘাট আৰু কাৰ্বি আংলঙৰ সহ সঞ্চালক ডাঃ অনন্ত বৰুৱা, বৰজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মাংৰা উৰাং আৰু কেন্দ্ৰৰ সহ নগৰ প্ৰমুখ অনামিকা বৰুৱাই অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে।অনুষ্ঠানটিত অংশ লৈ ডঃ শোভাৰাণী শৰ্মা বৰকটকীয়ে গুৰু পূৰ্ণিমাৰ বিশেষত্ব আৰু বিবেকানন্দ কেন্দ্ৰৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে বিস্তাৰিত ভাৱে বাখ্যা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/3ed6d1e1-37c2-4518-b805-91c486eb2d5b/8c6ba45a_c2f3_4fbe_81e0_2cec3eb6d3e6.jpg)
অনুষ্ঠানটিৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলে পৰম্পৰাগত ভাৱে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে মিনতি গগৈ, নয়ন জ্যোতি গগৈ, ৰাজীৱ লোচন গগৈ, পৰীস্মিতা বৰা, প্ৰিয়ংকা গগৈ, কাকলি বৰদলৈ ,মৃগাংক শেখৰ কোঁৱৰ আৰু প্রবাল প্ৰতিম গোস্বামীক আদৰি আনি গুৰুসেৱাৰে আঁৰতি কৰে। বিবেকানন্দ কেন্দ্ৰৰ বৰজান গ্ৰাম স্থানৰ সহ সংযোজক সোমেশ্বৰ পাত্ৰ আৰু সংযোজক সুভাষ তাঁতীয়ে আঁত ধৰা অনুষ্ঠানটিত বহুসংখ্যক বিবেকানন্দ কেন্দ্ৰৰ কাৰ্যকৰ্তায়ো অংশ গ্ৰহণ কৰে।
Also Read: মৰণ ফান্দত পৰিণত মৰাণৰ এটা পথ, ৰাজপথলৈ ওলাই আহিল ছাত্ৰ-ছাত্ৰী...