/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/559672f2-5927-428a-aea9-c2fc752c4534/protest.jpg)
ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড়ৰ গড়কাপ্তানিৰ এটা পথে জ্বলা-কলা খোৱাইছে জনসাধাৰণক। মৰণ ফান্দত পৰিণত হৈছে বৰবৰুৱা উন্নয়ন খণ্ডৰ অধীনৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেঁচা তিনিআলিৰ পৰা ইটাখুলীলৈ ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই গড়কাপ্তানি পথচোৱা। ।
উল্লেখযোগ্য যে, ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা কেবিনেত বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা দুইলেন যুক্তলৈ উন্নীত কৰিবলৈ অনুমোদন জনাইছিল। কিন্তু আজিৰ পৰ্যন্ত কাৰ্যকৰী নহ'ল মুখ্যমন্ত্ৰীৰ সেই অনুমোদনৰ বাক্যবান।
যাৰ ফলত বৃহৎ গাঁতৰ বাবে মৰণ ফান্দত পৰিণত হৈছে এই পথচোৱা। এই পথচোৱাত বিভিন্ন সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈ ঘূনীয়া হ'ব লগীয়া হৈছে বহু যাত্ৰী। গৰ্ভৱতী মহীলাকে ধৰি বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ সহশ্ৰাধিক ছাত্র-ছাত্ৰীয়ে দৈনিক অহা-যোৱা কৰে এই পথচোৱাৰে।
সেই কলাখোৱা স্থানৰ পৰা মাত্ৰ ১৫ মিনিট সময় লাগে ৰাষ্ট্ৰীয় ঘাইপথলৈ। কিন্তু এতিয়া এই পথচোৱাৰে যাত্ৰাৰ বাবে সময় লাগে এঘন্টাৰো অধিক। মুখ্যমন্ত্ৰীয়ে এই পথচোৱা দুইলেনযুক্ত কৰণৰ বাবে অনুমোদন জনোৱা বাক্যবান আজিৰ পৰ্যন্ত কাৰ্যকৰী নোহোৱাত এতিয়া মৰণ ফান্দলৈ পৰিণত হৈছে এই পথচোৱা। যাৰ ফলত ৰাজপথলৈ উলাই আহিল ৫ শতাধিক ছাত্র-ছাত্ৰী। ছাত্ৰ-ছাত্ৰীসকলে উক্ত পথটো নিৰ্মাণৰ দাবী তুলিছে ।
Also Read: হিমবাহত আৱদ্ধ দুই পৰ্বতাৰোহীক উদ্ধাৰ বায়ুসেনাৰ...