/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/0a96f02f-79c1-46b0-9f15-97e7a584398c/263.jpg)
ডিজিটেল সংবাদ,বেকাজান : গোলাঘাট জিলাৰ অসম-নাগালেণ্ডৰ মেৰাপানী দৈয়াং শাখা সাহিত্য সভাৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত শনিবাৰৰ পৰা মেৰাপানী ৰাজহুৱা খেলপথাৰত ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে 'মেৰাপানী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ । দেওবাৰে গ্ৰন্থমেলাৰ দ্বিতীয় দিনা পুৱা ছাত্ৰী- ছাত্ৰীসকলক মাজত থলীতে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
ইয়াৰ পাছত সন্ধিয়া ৬ বজাত সাংবাদিক হিৰণ্য গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত গমাৰিগুৰি উৰণ পখী ভৱনৰ শিশু-শিক্ষয়িত্ৰীসকলে অসম সাহিত্য সভা চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষ গীতেৰে সভা উদ্বোধন কৰা হয়।
মহেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত প্ৰাক্তন সাংবাদিক বাবুল শইকীয়াৰ প্ৰবন্ধ সংকলন দৈয়াঙ ঐতিহ্য আৰু সংগ্রাম,দুর্লভ বৰিৰ উপন্যাস অভিশপ্ত ব্ৰহ্মাচাৰী, দুলাল চন্দ্ৰ দাসৰ মেৰাপানীৰ এক দস্তাবেজ, ৰূপজ্যোতি ফুকনৰ কাব্য সংকলন কটু কথা,হৰেশ্বৰ নাৰ্জাৰীৰ উপন্যাস চিকাৰী,ইন্দ্ৰকান্ত কোঁৱৰৰ কাব্য সংকলন বেওঁচনীয়া আবেলি,মহেন বৰুৱাৰ,চিন্তাৰ বিবিধা,লোহিত বৰাৰ নাটক শেষ বিচাৰ, অৰন্ধতী কোঁৱৰ গোহাঁই আৰু অদ্বিতী কোঁৱৰৰ ডবিয়া,গোলাপ ফুকনৰ কাব্য সংকলন উগ্ৰবাদী,স্নেহছাঁয়া গোহাঁইৰ গ্লিমপিজ অৱ দা হাৰ্ট প্ৰায় ১২খনকৈ গ্ৰন্থ বিশিষ্ট সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই ফিটা কাটি আনুষ্ঠানিকভাৱে উন্মোচন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/a1326d1f-7f4d-4cc3-a8b3-9f7e859e047d/6295872d_d397_447e_b13b_4b7dcc0edd0c.jpg)
লগতে গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি সুনীল বৰাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা মুখপত্ৰৰ বিশেষ সংখ্যা 'ৰূপান্তৰ' উন্মোচন কৰা হয়। মেৰাপানী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই কয়- 'মেৰাপানী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ অঞ্চলটোৰ বৌদ্ধিক কচৰৎ । উদ্যোগক্তাসকলে সমাজ নিৰ্মাণ,জাতি নিৰ্মাণ কৰিব বাবে উঠি অহা নতুন প্ৰজন্মৰ মাজত যি সপোন ৰচিবৰ এই গ্ৰন্থমেলাৰ যি বৌদ্ধিক বিপ্লৱৰ সূচনা কৰিছে তাৰ অংশীদাৰ হবলৈ পাই মই ধন্য হৈছো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ab0af5e9-3bcb-45ba-8cf7-0a35d518275f/ce33b468_f414_4ec7_8465_4dbe31dd085f.jpg)
মই মেৰাপানীৰ এই ভাল কামৰ সৌৰভ লবলৈ সক্ষম হৈছো।' শইকীয়াই লগতে কয় 'মেৰাপানীৰ গ্ৰন্থমেলাত আজি যি ১২জনকৈ লেখকৰ গ্ৰন্থ একেলগে উন্মোচন কৰা হৈছে সেয়া মোৰ এই কাৰণে ভাল লাগিছে। কাৰণ তেওঁলোকে কোনো চুৰ -ডকাইত কাম কৰা নাই,তেওঁলোকে এটা মহৎ কামৰ অংশীদাৰ হৈছে। এই মহৎ কামে সমাজখনৰ মানুহক মানুহ কৰি ৰাখিব।
তেওঁলোকে যি চিন্তাৰ কচৰৎ কৰিব লাগে সেয়া কৰিছে। তেওঁলোকে সমাজত মহৎ চিন্তাৰ সুবাস বিলাব পাৰিছে। কোনো জানে এদিন এই গ্ৰন্থমেলা পৰাই অসমৰ মহৎ লেখকৰ জন্ম হ'ব পাৰে। বৰ্তমান অসমৰ সাহিত্যৰ পৰিবেশ খুব এটা ভাল নহয় । কাৰণ অসম এতিয়া পাঁচ ধৰণৰ লেখক আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/cec2462e-3593-406b-bedc-1cc6f8d699c6/1890cab0_fb3a_4ade_8f3f_815a872f3ff6.jpg)
প্ৰথম চামে কেৱল নিজৰ যশস্যা কাৰণে লিখি যায় । দ্বিতীয় চামে নিজে নিলিখে তেওঁলোকৰ পইচা আছে আৰু ভাৰাতীয়া লেখকৰে ঢেৰ কিতাপ প্ৰকাশ কৰি গৈছে। তৃতীয় চামে কেৱল বঁটা বাহন বাবে বাবে লিখি গৈছে ।
আনহাতে এচাম লেখক আছে সঁচা অৰ্থত সমাজৰ বাবে নিস্বাৰ্থ বাবে লিখি গৈছে । তেওঁলোকৰ সামাজিক দায়বদ্ধতা আছে। এওঁলোকে প্ৰকৃত সাহিত্য বা লেখক। গতিকে আমি ভৱিষ্য সমাজৰ দায়বদ্ধতা বাবে লিখিব লাগিব।' বুলি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক শইকীয়াই মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/626478bb-0b3c-4b4b-bd3b-4988cdedf010/acb4265b_2c84_43ce_845f_d66b1cb71809.jpg)
চুবুৰীয়া নাগালেণ্ডৰ লুথা আৰু বড়ো জনগোষ্ঠীৰ বৰ্ণিল লোকনৃত্য পৰিবেশন কৰা হয়। এই গ্ৰন্থমেলাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ১৫খনতকৈ অধিক গ্ৰন্থ বিপনীৰ ওপৰি বিভিন্ন বাণিজ্যিক বিপনীয়ে অংশগ্ৰহণ কৰিছে । আনহাতে আজি দ্বিতীয় দিনা গ্ৰন্থমেলাত ভালেসংখ্যক ছাত্র ছাত্ৰীকে ধৰি গ্ৰন্থপ্ৰেমীৰ ভিৰ পৰিলক্ষিত হয়।
Also Read: বৰপেটা জিলাৰ প্ৰতিটো পৰিয়ালৰে দুজনকৈ লোক স্নায়ুজনিত ৰোগত আক্ৰান্ত : ডা০ নোমল চন্দ্ৰ বৰা