প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ আগবঢ়ালে জিৰণি কোঠা...

প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ আগবঢ়ালে জিৰণি কোঠা...

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলাৰ আগশাৰীৰ অন্যতম শিক্ষানুষ্ঠান বনগাঁও চ'লা উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে নিৰ্মাণ কৰিলে শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে জিৰণি কোঠা। জিৰণী কোঠাটোৰ আনুষ্ঠানিক মুকলি কৰে গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড৹ সমীৰণ বৰাই।

উল্লেখ্য বনগাঁও চ'লা হাইস্কুলত চলিত বৰ্ষৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব বিদ্যালয়খনৰ হীৰক জয়ন্তী। হীৰক জয়ন্তী উপলক্ষে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে আগবঢ়াইছে এই কোঠা। জিৰণি কোঠাটোত উপলব্ধ আছে সকলো সা-সুবিধা। অত্যাধুনিক জিৰণী কোঠাতো নিৰ্মাণ কৰি দিয়াৰ বাবে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক কৃতজ্ঞতা জনাইছে গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড৹ সমীৰণ বৰাই।

প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে এৰি থৈ যোৱা বিদ্যালয়খনৰ প্ৰতি থকা আন্তৰিকতাক শলাগ লৈছে সকলোৱে। প্ৰায় দহ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মিত অত্যাধুনিক জিৰণী কোঠাতো লাভ কৰি উৎফুল্লিত হৈ পৰিছে শিক্ষক-শিক্ষয়িত্ৰীসকল।

সমান্তৰালভাবে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলেও এৰি থৈ যোৱা বিদ্যালয়খনলৈ অৱদান আগবঢ়াই আনন্দিত হৈ পৰিছে। আনহাতে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া বিদ্যালয়খনৰ হীৰক জয়ন্তীত সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ কামনা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই।

প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ আগবঢ়ালে জিৰণি কোঠা...
ঘিলাধাৰীত অগ্নিকাণ্ড: জাহ গ'ল এটা পৰিয়ালৰ বাসগৃহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in