প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ মন্ত্ৰী অতুল বৰাঃ বিধ্বস্ত পথৰ বাবে অতিষ্ঠ সমষ্টিবাসী...

প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ মন্ত্ৰী অতুল বৰাঃ বিধ্বস্ত পথৰ বাবে অতিষ্ঠ সমষ্টিবাসী

author-image
Asomiya Pratidin
New Update
প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ মন্ত্ৰী অতুল বৰাঃ বিধ্বস্ত পথৰ বাবে অতিষ্ঠ সমষ্টিবাসী...

ডিজিটেল সংবাদ, বোকাখাত : বাৰে বাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতো সুচল যাতায়ত লাভ নকৰিলে মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ এটা বান বিধ্বস্ত বৃহৎ অঞ্চলৰ ৰাইজে। ফলত প্ৰতি বছৰৰ দৰে এই বছৰো বাৰিষাৰ ধাৰাবাহিক বৃষ্টিপাতৰ বাবে এটি পথৰ দুৰৱস্থাই জ্বলা-ক'লা খুৱাই আহিছে অঞ্চলবাসীক।

Advertisment

মন্ত্ৰীগৰাকীৰ গৃহ সমষ্টি বোকাখাতৰ বৃহত্তৰ কুৰুৱাবাহীৰ চিনাকান চাৰিআলিৰ পৰা কুৰুৱাবাহী সত্ৰ সংযোগী ৰঙাগৰা গাঁৱৰ মাজেৰে যোৱা ধনশিৰি নদীৰ বানপানী প্ৰতিৰোধী ঐতিহাসিক মথাউৰিটোৰ ওপৰেদি দৈনিক যাতায়ত কৰা গাঁওবাসীয়ে বাৰম্বাৰ অভিযোগৰ কৰাৰ পিছতো আজিৰ তাৰিখলৈকে মেৰামতি কৰা নহ'ল পথচোৱা। যাৰ বাবে "বহুবাৰ আবেদন নিবেদন কৰা হ'ল, নেতা-পালিনেতাকো আমি আবেদন দিলো, কিন্তু মেৰামতি কৰা হ'ব বুলি কৈয়েই তেওঁলোকে দায় সাৰে, আমাৰ সমষ্টিটো এজন মিছলীয়া বিধায়কেহে চলাইছে" বুলি ভুক্তভোগী গাঁওবাসীয়ে মন্তব্য প্ৰদান কৰে।

মন্ত্ৰীগৰাকীৰ দুটাকৈ কাৰ্যকালত ৰাইজৰ অভিযোগৰ প্ৰতি সাধাৰণ দৃষ্টিপাতো নকৰিলে বিভাগীয় কৰ্তৃপক্ষই, ফলত সাধাৰণ পথচাৰীৰ পৰা ৰোগী আৰু কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে যাতায়তৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰা এক প্ৰকাৰ যমৰ-যাতনা ভুগি থাকিব লগীয়া হৈছে। আনহাতে "স্কুললৈ ল'ৰা-ছোৱালী গ'লে আমি দূৰৈৰ পৰা চাই থাকিব লাগে। কাষেদিয়েই ধনশিৰি নদীখন গৈছে, ৰাস্তাটো ইমান বেয়া যে ল'ৰা-ছোৱালী পিছলি নদীত পৰে বুলি আমাৰ ভয়।"- এগৰাকী মাতৃয়ে এইদৰে সাংবাদিকৰ আগত মত প্ৰকাশ কৰে।

সেয়ে শনিবাৰে শাসনাধিষ্ঠ বিজেপি চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অনুসূচিত জাতি ছাত্ৰ সন্থা, গোলাঘাট জিলা সমিতিৰ উদ্যোগত বিধ্বস্ত পথটোৰ ওপৰতে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে। "তীব্ৰ সাম্প্ৰদায়িক আৰু বৰ্ণবাদী চৰকাৰৰ পৰিচয় দিয়া বিজেপি চৰকাৰে কেৱল অনুসূচীত জাতি অধ্যুষিত অঞ্চল হোৱাৰ বাবেই বিধ্বস্ত পথটোৰ মেৰামতিৰ লগতে অঞ্চলটোৰ উন্নয়ণমূলক কাম-কাজৰ প্ৰতি গুৰুত্ব দিয়া নাই নেকি?" - প্ৰতিবাদথলিত এই প্ৰশ্ন উত্থাপন কৰে অনুসূচীত জাতি ছাত্ৰ সন্থাৰ গোলাঘাট সমিতিৰ উপ-সভাপতি ৰাহুল দাস আৰু দুসুঁতীমুখ দেবীথান নাককাটি আঞ্চলিক সমিতিৰ সভাপতি প্ৰাঞ্জল দাসে।

উল্লেখযোগ্য যে, বিগত বিধান সভা নিৰ্বাচনৰ সময়ত স্থানীয় নেতা-পালিনেতাৰ উপস্থিতিত বোকাখাত বিধান সভা সমষ্টিৰ বিধায়ক অতুল বৰাই দিয়া প্ৰতিশ্ৰুতি পালনত কিয় ব্যৰ্থ হ'ল বুলিও মত প্ৰকাশ কৰে স্থানীয় ভুক্তভোগী ৰাইজে। "প্ৰতিশ্ৰুতি পালনত পুৰ্ণমাত্ৰাই ব্যৰ্থ হৈছে আমাৰ বিধায়কগৰাকী, কেৱল আধাৰশিলাৰ ৰাজনীতি আৰু উন্নয়নৰ মিছা আশ্বাসতে দুটাকৈ কাৰ্যকাল ব্যস্ত আছে আমাৰ বিধায়ক অতুল বৰা। সাধাৰণ পথচাৰীৰ কথা নকলোয়েই, পথটোৰ এই অৱস্থাৰ বাবে গৰ্ভৱতী মহিলাসকলক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত কি হাহাকাৰ অৱস্থা হয় সেয়া নেদেখিলে বিশ্বাস কৰিব নোৱাৰি" - বুলি ক্ষোভ প্ৰকাশ কৰে গাঁওবাসীয়ে।

সেয়েহে প্ৰতিবাদী স্থানীয় ৰাইজ আৰু অনুসূচীত জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে অতি শীঘ্ৰে পথচোৱাৰ মেৰামতি কৰি যাতায়তৰ সুচল কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষ আৰু মন্ত্ৰী অতুল বৰাক দাবী জনাইছে। অন্যথা তীব্ৰ গণতান্ত্ৰীক অন্দোলনৰ মুখামুখি হ'বলৈ সাজু থাকিবলৈ সতৰ্ক কৰি দিয়ে স্থানীয় বিধায়ক-মন্ত্ৰী অতুল বৰাক।

আনহাতে ২০২২ বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত ভয়ংকৰ শিলাবৃষ্টিৰ বলি হৈছিল উক্ত অঞ্চলৰ কৃষক ৰাইজ। কিন্তু ক্ষতিগ্ৰস্থ কৃষকৰ কৃষি পথাৰত উপস্থিত হৈ মন্ত্ৰী অতুল বৰাই তাৎক্ষণিক ভাবে ক্ষতিপূৰণ আদায় দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিও আজিৰ তাৰিখলৈকে কোনোধৰণৰ ক্ষতিপূৰণ প্ৰদান নকৰাত এজন মিছলীয়া বিধায়কে সমষ্টি চলাইছে বুলিও ক্ষোভ প্ৰকাশ কৰে অঞ্চলটোৰ ভুক্তভোগী কৃষক ৰাইজে।

Also Read: অসমত পোনপ্ৰথমবাৰৰ বাবে মেচবিহীন হাৰ্নিয়া অস্ত্ৰোপচাৰ...

GOVT OF ASSAM