অসমত পোনপ্ৰথমবাৰৰ বাবে মেচবিহীন হাৰ্নিয়া অস্ত্ৰোপচাৰ...

অসমত পোনপ্ৰথমবাৰৰ বাবে মেচবিহীন হাৰ্নিয়া অস্ত্ৰোপচাৰ...

ডিজিটেল ডেস্ক : ৰোগীৰ বাবে সু-খবৰ। উত্তৰ-পূর্বাঞ্চলৰ মাল্টিস্পেচিয়েলিটি জিএনআৰচি হাস্পতালৰ দিশপুৰ শাখাত আৰম্ভ কৰা হৈছে মেচলেছ স্মল ইনচিছন অ'পেন হাৰ্নিয়া ছাৰ্জাৰী (Meshless Small Incision Open Harnia Surgery)। এই ইনভেচিভ পদ্ধতিয়ে ৰোগীসকলক কম সময়তে আৰোগ্য কৰাৰ লগতে পৰম্পৰাগত হাৰ্নিয়াৰ মেৰামতিতকৈ জটিলতাৰ আশংকাও বহু পৰিমাণে কম হোৱাৰ কথা প্ৰকাশ কৰিছে হাস্পতাল কৰ্তৃপক্ষই।

এই সম্পৰ্কত এক প্ৰেছ বিবৃতি যোগে জিএনআৰচি দিছপুৰৰ লেপাৰ'স্কপী এণ্ড মিনিমেলী ইনভেটিভ ছার্জাৰী বিভাগৰ মুখ্য পৰামৰ্শদাতা ডাঃ নিপাংক গোস্বামীয়ে জনাই যে, উত্তৰ-পূব ভাৰতৰ লগতে অসমৰ ভিন্ন প্রান্তৰ পৰা অহা দুখীয়া ৰোগীসকলে যাতে কম খৰচতে মেচবিহীন অ'পেন গ্রইন হাৰ্নিয়া অস্ত্ৰোপচাৰ কৰি সুফল লাভ কৰিব পাৰে সেই উদ্দেশ্যে এই সেৱা আগবঢ়াইছে। এই সেৱা জিএনআৰচি হাস্পতালৰ "ব্যয়সাধ্য স্বাস্থ্য আঁচনি"ৰ কথা মনত ৰাখিয়েই প্ৰদান কৰা হৈছে বুলি তেখেতে জানিবলৈ দিয়ে। লগতে তেওঁ জনাই যে, বর্তমান যুৱ তথা সক্রিয় ব্যক্তিৰ ক্ষেত্ৰত অধিক পৰিমাণে হোৱা গ্ৰইন হার্নিয়াৰ দৰে সাশোধনযোগ্য অস্ত্রপচাৰ কৰিব লগীয়া ৰোগীৰ সংখ্যা সমাজত অত্যাধিক পৰিমাণে বৃদ্ধি হৈছে আৰু ৪৫ বছৰৰ ঊৰ্ধ্বৰ বয়সৰ লোকৰ মাজত প্ৰায় ৪ শতাংশ লোক কৰঙনৰ হার্নিয়াত আক্ৰান্ত হৈছে। সকলো বয়সৰ ৰোগী সামৰি এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা প্ৰায় ১.৭ শতাংশ।

উল্লেখ্য তথ্য অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় ৫,৪৪,০০০ জন লোক কৰঙনৰ হার্নিয়াত আক্ৰান্ত হৈ থকাৰ ফলশ্ৰুতিত বহু ব্যক্তিৰ উপাৰ্জন কৰাত বাধা আহি পৰিছে। যাৰ বাবে সমাজৰ আৰ্থিক দিশতো প্ৰভাৱ পৰাৰ পৰিলক্ষিত হয়। আনহাতে ভাৰতত গ্ৰইন হাৰ্নিয়াৰ প্ৰাদুৰ্ভাৱৰ প্ৰায় ২৫ শতাংশই পুৰুষ ৰোগী।

তদুপৰি গোস্বামীয়ে কয় যে, গ্ৰইন হার্নিয়াৰ বেছিভাগে চহৰ অঞ্চলত ন্যূনতম ইনভেচিভ অস্ত্ৰোপচাৰ বা লেপাৰ'স্কপীৰ দ্বাৰা কৃত্রিম ইমপ্লাণ্টৰ জৰিয়তে সংস্থাপন কৰা হয়। কিন্তু ইয়াৰ খৰচ ইমানেই বেছি যে দেশৰ নিম্ন আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে সামৰ্থৰ বাহিৰত। ইয়াৰ উপৰিও লেপাৰ'স্কপী পদ্ধতি সাধাৰণ এনাস্থেছিয়াৰ অধীনত কৰা হয়। সেয়েহে বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ বাবে উপযুক্ত নহবও পাৰে। তেওঁলোক গ্ৰইন হার্নিয়াত আক্রান্ত হ'লে হৃদযন্ত্ৰ আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাতো ভুগিব পাৰে।

সেয়েহে জিএনআৰচি দিছপুৰত গ্ৰইন হাৰ্নিয়া ৰোগীৰ চিকিৎসাৰ বাবে জালবিহীন (Meshless), টিছ্যু অ'পেন হার্নিয়া অস্ত্ৰোপচাৰ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। যি সাধাৰণতে মেৰুদণ্ড বা কঁকালৰ তলত এনাস্থেছিয়াৰ সহায়ত কৰা হয় বুলি প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়ে। লগতে তেওঁলোকে নার্ভ ব্লক বা ল'কেল এনাস্থেছিয়া প্রয়োগ কৰি চিকিৎসালয়ত কম সময়ৰ বাবে থকা বা নির্বাচিত ৰোগীসকলক ডে' কেয়াৰ সেৱাৰ যোগেদিও চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা হাতত লোৱাৰ কথাও প্ৰকাশ কৰিছে। যাৰ ফলত ৰোগীসকলে হাস্পতালত কম সময় থাকিব লগা হ'ব আৰু চিকিৎসালয়ৰ খৰচৰ মাত্রাও কমিব।

প্ৰণিধানযোগ্য যে, পুনেৰ প্ৰখ্যাত শল্য বিশেষজ্ঞ ডাক্তৰ মোহন ডেছাৰদাৰে উদ্ভাৱন কৰা "Desarda Repair" নামৰ স্থানীয় টিছ্যু মেৰামতি পদ্ধতিৰে অস্ত্ৰোপচাৰ কৰিব হাস্পতাল কৰ্তৃপক্ষই। এই পদ্ধতি প্রয়োগ কৰি অতি কম খৰচতে ৰোগীয়ে সন্তোষজনক ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি ডাঃ নিপাংকে গোস্বামীয়ে জনায়।

উল্লেখ্য হার্নিয়া হৈছে পেটৰ ছালৰ তলত উখহি উঠা এবিধ ৰোগ। যি পেশীৰ দুৰ্বল ঠাইৰ মাজেৰে কোনো অংগ বা টিছ্যু ঠেলি বাহিৰলৈ ওলাই আহে। হার্নিয়া অস্ত্ৰোপচাৰ পদ্ধতিৰ দ্বাৰা হার্নিয়াৰ চিকিৎসা কৰা হয় আৰু ইয়াক পুনৰাই নহ'বলৈ প্ৰতিৰোধ কৰা হয়।

অসমত পোনপ্ৰথমবাৰৰ বাবে মেচবিহীন হাৰ্নিয়া অস্ত্ৰোপচাৰ...
কমাৰবন্ধাত আৰক্ষী বিষয়াক কুঠাৰেৰে আক্ৰমণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in