কাজিৰঙাত অঘটনঃ হেণ্ডকাফসহ লুইতত জাপ দি পলায়ন দুধৰ্ষ চিকাৰীৰ, দুই আৰক্ষীয়েও জপিয়ালে ব্ৰহ্মপুত্ৰত

এতিয়াও সন্ধানহীন দুধৰ্ষ চিকাৰী জগো পেগু

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত অঘটনঃ হেণ্ডকাফসহ লুইতত জাপ দি পলায়ন দুধৰ্ষ চিকাৰীৰ, দুই আৰক্ষীয়েও জপিয়ালে ব্ৰহ্মপুত্ৰত

কাজিৰঙাত অঘটনঃ হেণ্ডকাফসহ লুইতত জাপ দি পলায়ন দুধৰ্ষ চিকাৰীৰ, দুই আৰক্ষীয়েও জপিয়ালে ব্ৰহ্মপুত্ৰত

ডিজিটেল ডেস্কঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন। নিশা গঁড় চিকাৰীক লগত লৈ আৰক্ষীৰ এটা দলে অভিযান চলাবলৈ যোৱাৰ সময়তে হেণ্ডকাফসহ ব্ৰহ্মপুত্ৰত জাপ দিলে দুধৰ্ষ গঁড় চিকাৰীয়ে। আনহাতে গঁড় চিকাৰীক পুনৰ কৰায়ত্ত কৰিবলৈ ব্ৰহ্মপুত্ৰত জাপ দিয়া আন দুজন আৰক্ষী জোৱানো দীৰ্ঘ সময় ধৰি সন্ধানহীন হৈ থকাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।

Advertisment

উল্লেখ্য যে, কাজিৰঙাৰ আগৰতলী বনাঞ্চলত দেওবাৰে বোকাখাত আৰক্ষীয়ে চলাইছিল চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান। সমান্তৰালকৈ গঁড় হত্যা কৰা স্থানো পৰিদৰ্শন কৰাৰ উদ্দেশ্যেৰে গৈছিল দলটো। আৰক্ষীৰ দলটোৱে এই অভিযানৰ বাবে লগত লৈ গৈছিল দুধৰ্ষ চোৰাং চিকাৰী জগো পেগুক।

এই অভিযানৰ মাজতে জগো পেগুৱে সুযোগ বুজি আৰক্ষীৰ নাঁৱৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিয়ে। সেই সময়ত তেওঁৰ হাতত লাগি আছিল আৰক্ষীৰ হেণ্ডকাফ।

ইয়াৰ লগে লগে দুই আৰক্ষী জোৱানে তেওঁক পুনৰ কৰায়ত্ত কৰিবলৈ ব্ৰহ্মপুত্ৰত জাপ দিয়ে যদিও দুয়ো সন্ধানহীন হৈ পৰে। অৱশ্যে প্ৰায় দুঘণ্টাৰ অন্তত দুই আৰক্ষী জোৱানক উদ্ধাৰ কৰে যদিও দুধৰ্ষ চিকাৰী জগো পেগু এতিয়াও সন্ধানহীন হৈ আছে।

জগো পেগুৱে এইদৰে ব্ৰহ্মপুত্ৰত জাপ দিয়াৰ পাছতে অৱশ্যে বোকাখাত আৰক্ষীয়ে কেইবাখনো জিলাৰ আৰক্ষীক খবৰ দিছে আৰু তেওঁৰ বিৰুদ্ধে অভিযান চলি আছে বুলি বোকাখাত আৰক্ষীয়ে জানিবলৈ দিছে।

ইফালে প্ৰায় দুঘণ্টাৰ অন্তত উদ্ধাৰ হোৱা দুই আৰক্ষী জোৱানক বোকাখাতৰ ছহিদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই দুই জোৱানৰ নাম ক্ৰমে হীৰকজ্যোতি বৰদলৈ আৰু মোহিত বৰা।

Also Read: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ একবিংশতিতম বার্ষিক অধিবেশন সম্পন্ন

কাজিৰঙা বোকাখাত