বোকাখাত জাতীয় বিদ্যালয় বাকৰিত "বিংশতম ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ"...

বোকাখাত জাতীয় বিদ্যালয় বাকৰিত "বিংশতম ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ"...

নিজম পৰিল বোকাখাত জাতীয় বিদ্যালয় বাকৰি। বিজ্ঞান মনস্কতাৰ জয়গানেৰে সফল সামৰণি পৰিল বোকাখাতত অনুষ্ঠিত "বিংশতম ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৪"।

ডিজিটেল সংবাদ, বোকাখাতঃ জ্ঞান-বিজ্ঞান সমিতি অসমৰ উদ্যোগত যোৱা ২৩ মে'ৰ পৰা বোকাখাতৰ জাতীয় বিদ্যালয়ৰ বাকৰিত তিনিদিনীয়াকৈ অনুষ্ঠিত বিংশতম ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৪ ৰ শনিবাৰে সফল সামৰণি পৰে।

প্ৰয়াত বিজ্ঞানী ড° পদ্মেশ্বৰ গগৈ আৰু পদ্মশ্ৰী বিৰুবালা ৰাভাৰ সোৱঁৰণত উৎসৰ্গিত সমাৰোহখনিৰ দ্বিতীয় দিনৰ কাৰ্য্যসূচী পুৱা ৯ বজাৰ পৰা অসম সংগীতেৰে আৰম্ভ কৰা হয়। ১২.৩০ বজালৈকে ছয়টা শিকন কোণত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৪০০ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰে। প্ৰচণ্ড গৰমকো নেওচি ছাত্র-ছাত্রীসকলৰ অংশগ্রহণে যথেষ্ট উৎসাহিত কৰে বিংশতম ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ অভ্যৰ্থনা সমিতিক।

শিকন কোণৰ সমান্তৰাল কৈ বোকাখাত চি এন বি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ দ্বাৰা " অন্ধবিশ্বাস দূৰীকৰণ আৰু আমাৰ কৰণীয়" বিষয়ক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সমন্বয়ক ড° বিদ্যুৎ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে অধ্যক্ষ ড° সুৰজিৎ দত্তই। বিশিষ্ট অতিথি, শিক্ষাবিদ ড° নয়নমনি মেধিয়ে তেখেতৰ বক্তব্যত অন্ধবিশ্বাসে আমাৰ সমাজখন কেনেকৈ শিপাইছে তাৰ ওপৰত ব্যাখ্যা দাঙি ধৰাৰ লগতে অন্ধবিশ্বাসক লৈ সমাজখন ভাগ ভাগ কৰাৰ বাবে শংকা প্ৰকাশ কৰে। ইয়াৰ পিছতে আৰ্যভট্ট বিজ্ঞান কেন্দ্র, পশ্চিম গোলাঘাটৰ উদ্যোগত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰে জ্ঞান বিজ্ঞান সমিতি অসমৰ সভাপতি শ্রী যুত তপন কুমাৰ শৰ্মাই।

ইয়াৰ পিছতেই অংক, বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, পৰিৱেশ অধ্যয়ন, অৰিগেমী, আৰু গীত-মাত আদি ছয়টা শিকন কোণ বিয়লি ৫ বজালৈকে অনুষ্ঠিত হয়। শেষত দিনটোৰ কাৰ্য্যসূচীৰ পৰ্যালোচনা কৰি ৰাষ্ট্ৰীয় সংগীতেৰে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ সামৰণী মৰা হয়।

শনিবাৰে তৃতীয় তথা অন্তিম দিনৰ কাৰ্য্যসূচী পুৱা ৯ বজাৰ পৰা অসম সংগীতেৰে আৰম্ভ কৰা হয়। ১০.৩০ বজালৈকে শিকন কোণত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় চাৰিশ ছাত্র ছাত্রীয়ে অংশগ্রহণ কৰে।

পুৱা ১০.৩০ বজাৰ পৰা বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি শৰৎ চন্দ্র দত্তই। কাৰ্য্যকৰী সভাপতি ড° বিদ্যুৎ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে এচটেকৰ প্ৰাক্তন সঞ্চালক ড° অশ্বিনী বৰুৱা,শান্তি স্বৰূপ ভাটনাগৰ পুৰস্কাৰ ২০২১ প্ৰাপ্ত যুৱ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়াৰ লগতে নুমলীগড় তেলশোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক( মানৱ সম্পদ) ড° কাজল শইকীয়া।

আমন্ত্ৰিত অতিথিসকলক পৰিচয় প্ৰদান কৰে সম্পাদক বিদ্যুৎ বিকাশ শইকীয়াই। ছাত্র-ছাত্রীসকলে ৫টা জনগোষ্ঠীয় ভাষাত পৰিৱেশন কৰা অসম সংগীতেৰে সভাখনৰ শুভাৰম্ভ কৰা হয়। লগতে সকলো ছাত্র-ছাত্রীয়ে গীত মাত শিকন কোণৰ দুটি গীতত প্ৰাণঢালি সহযোগ কৰে।

সমাৰোহৰ তৃতীয় তথা অন্তিম দিনটোত বোকাখাত জাতীয় বিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ দ্বাৰা সম্পাদিত "চেতনা আৰু "এজাৰ" নামৰ দুখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰাৰ উপৰিও "মুক্তমন" নামেৰে এখন স্মৰণিকাও উন্মোচন কৰা হয়।স্মৰনিকাখন উন্মোচন কৰে এচটেকৰ প্ৰাক্তন সঞ্চালক ড° অশ্বিনী বৰুৱাই । ৪০গৰাকী লিখকৰ বিভিন্ন বিষয়ৰ লিখনি সন্নিবিষ্ট তথা ড° ফাল্গুন চেতিয়া আৰু ঈপ্সিতা দত্তৰ দ্বাৰা সম্পাদিত স্মৰনিকা খনৰ মানদণ্ড অতি উন্নত হোৱা বুলিও মন্তব্য কৰে উন্মোচক ড০বৰুৱাই।

শান্তি স্বৰূপ ভাটনাগৰ পুৰস্কাৰ ২০২১ প্ৰাপ্ত যুৱ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়াও সমাৰোহখনিত উপস্থিত থাকি ছাত্র ছাত্রীৰ লগত মত বিনিময় কৰাৰ লগতে নিজৰ গবেষণাৰ বিষয়ে সহজ ভাষাৰে বক্তব্য আগবঢ়াই। যুৱ বিজ্ঞানীগৰাকীয়ে প্ৰতিজন শিশুকে একোজন বিজ্ঞানী বুলি অভিহিত কৰে।

আমন্ত্ৰিত অতিথি নুমলীগড় তেলশোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক( মানৱ সম্পদ) ড° কাজল শইকীয়া সমাৰোহখনিত উপস্থিত থাকি তেখেতৰ বক্তব্যত সমাৰোহ খনিৰ পৰিবেশ শান্তি নিকেতনৰ লগত তুলনা কৰি সফলতাৰ বাবে কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই বুলি অভিহিত কৰে। আনহাতে জ্ঞান বিজ্ঞান সমিতি অসমৰ সভাপতি আৰু সম্পাদকে সমাৰোহৰ তিনিদিনৰ অভিজ্ঞতাৰে বিশেষ বক্তব্য আগবঢ়াই অনুষ্ঠানটোত।

অধ্যক্ষদ্বয় ড° দীপক কুমাৰ বৰা, ড° সুৰজিৎ দত্ত আৰু সমাজকৰ্মী নিজৰা বৰঠাকুৰ উপস্থিতিয়ে সমৃদ্ধ কৰা সমাৰোহ খনত দুৰদুৰনিৰ পৰা অহা ছাত্র ছাত্রী সকলে নিজৰ অভিজ্ঞতাৰ লগতে আত্মসন্তুষ্টি ব্যক্ত কৰে।সম্পাদিকা ইনজু আহমেদে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছতে সভাপতিয়ে মন্তব্য প্ৰদান কৰে আৰু ৰাষ্ট্ৰীয় সংগীতেৰে সভাৰ সামৰনি ঘটোৱা হয়।

বোকাখাতৰ জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১.৩০ বজাৰ পৰা শিশুসকলৰ দ্বাৰা পৰিৱেশিত সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। ৩.৩০বজাত পতাকা অৱনমনেৰে তিনিদিনীয়া সমাৰোহৰ সমাপ্তি ঘোষণা কৰা হয়।

বোকাখাত জাতীয় বিদ্যালয় বাকৰিত "বিংশতম ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ"...
আগন্তুক ৯দিন সাৱধানে থাককঃ জুই হৈ তাপ বিয়পাব সূৰ্যই...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in