বোকাখাতৰ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় পথৰ বাবে আৰ্হি পৰিকল্পনা...

চাৰিলেন যুক্ত পথৰ বাবে ৰাজহুৱা সভাৰে হ’ব সিদ্ধান্ত। অচিৰেই বোকাখাতত হ'ব ৰাজহুৱা সভা...
বোকাখাতৰ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় পথৰ বাবে আৰ্হি পৰিকল্পনা...

ডিজিটেল সংবাদ, বোকাখাত : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কৰিডৰৰ লগতে বোকাখাত হৈ নুমলীগড়লৈকে প্ৰসাৰিত হ'ব চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় পথ ৷ এই প্ৰস্তাৱিত পথচোৱা বোকাখাতৰ বৰজুৰিৰ পৰা অগ্ৰসৰ হৈ বোকাখাতৰ মাজেদি নুমলীগড়লৈকে প্ৰসাৰিত কৰা হ'ব ৷

২০ মিটাৰ বহল এই পথ বোকাখাত নগৰৰ মাজেৰে নিয়াৰ বাবে বোকাখাতৰ জনসাধাৰণে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল যদিও এই সম্পৰ্কত এতিয়াও চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণে ৷ ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণৰ মতে বোকাখাত নগৰৰ মাজেৰে যাব লগা চাৰিলেন যুক্ত পথৰ বাবে তিনিটা আৰ্হি প্ৰস্তুত কৰা হৈছে ৷ 

ইয়াৰে এটা আৰ্হি মতে প্ৰস্তাৱিত চাৰিলেন যুক্ত পথ বোকাখাত নগৰৰ মাজেৰে যোৱা বৰ্তমানৰ ৰাষ্ট্ৰীয় পথেদিয়েই লৈ যোৱা হ'ব আৰু ইয়াৰ বাবে বোকাখাত নগৰৰ মাজ মজিয়াত থকা চাৰি আলিটোত ১২ মিটাৰ ওখ এখন অভাৰ ব্ৰীজ নিৰ্মাণ কৰা হ'ব ৷ এই আৰ্হি মতে অভাৰ ব্ৰীজৰ তলত গাড়ী ৰখাবৰ বাবে স্থান থকাৰ উপৰিও পথৰ দুয়োকাষে ৬ মিটাৰ বহল চাৰ্ভিচ ৰোড নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে ৷

দ্বিতীয়তো আৰ্হি মতে, বোকাখাত নগৰৰ উত্তৰ দিশেৰে যোৱা উপ পথটোৰে নগৰখনক বাদ দি চাৰিলেন যুক্ত পথ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে ৷ এই পৰিকল্পনাত বানপানী এক প্ৰতিবন্ধক হোৱাৰ সম্ভাৱনা আছে বুলি জনাইছে বিভাগীয় কৰ্তৃপক্ষই ৷

আনহাতে তৃতীয়টো আৰ্হিত প্ৰস্তাৱিত চাৰিলেন যুক্ত পথ বোকাখাতৰ দক্ষিনেৰে কাৰ্বি পাহাৰৰ পাদদেশেৰে লৈ যোৱাৰ পৰিকল্পনাৰ কথা কোৱা হৈছে ৷ বোকাখাতত প্ৰস্তাৱিত চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বাবে প্ৰস্তুত কৰা এই তিনিওটা আৰ্হিৰ ওপৰত ৰাজহুৱা সিদ্ধান্ত গ্ৰহণৰ বাবে অহা ২৪ বা ২৫ জুনত জিলা প্ৰশাসনে বোকাখাতত এখন ৰাজহুৱা সভা আহ্বান কৰাৰ সম্ভাৱনা আছে ৷

বোকাখাতৰ নাট্যমন্দিৰত হ'ব লগা এই ৰাজহুৱা সভাতেই উল্লেখিত তিনিটা আৰ্হি ৰাইজৰ আগত দাঙি ধৰি ইয়াৰে এটা আৰ্হিক চূড়ান্ত কৰি ৰূপায়নৰ বাবে গ্ৰহণ কৰা হ'ব বুলি ৰাষ্ট্ৰীয় প্ৰাধিকৰণৰ সূত্ৰত প্ৰকাশ কৰে৷

বোকাখাতৰ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় পথৰ বাবে আৰ্হি পৰিকল্পনা...
এইয়া পুখুৰী নহয় পথহে; তাকো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in