ডাম্পিং গ্ৰাউণ্ড! আবৰ্জনাই বিষাক্ত কৰিছে বোকাখাত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান...

ডাম্পিং গ্ৰাউণ্ড! আবৰ্জনাই বিষাক্ত কৰিছে বোকাখাত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান...

author-image
Asomiya Pratidin
New Update
ডাম্পিং গ্ৰাউণ্ড! আবৰ্জনাই বিষাক্ত কৰিছে বোকাখাত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান...

ডিজিটেল সংবাদ,বোকাখাতঃ নুমলীগড় তেল শোধনাগাৰৰ সামাজিক দায়বদ্ধতা উন্নয়ণ বিভাগৰ অবিবেচক সিদ্ধান্তৰ বাবেই বোকাখাতৰ প্ৰৱেশদ্বাৰতেই এটা মাৰাত্মক আবৰ্জনাৰ স্তুপে আপোনাক বোকাখাতলৈ স্বাগতম জনাব। শিল্প-সংস্কৃতি-শিক্ষাৰ এক সোনালী অতিত থকা বোকাখাতেও বোকাখাতলৈ সোমাওঁতেই আপোনাক উপহাৰ দিব পুতিগন্ধময় এটা আবৰ্জনাৰ স্তুপ।

Advertisment

বোকাখাত নগৰখনক বিষাক্ত আবৰ্জনাৰ পৰা মুক্ত কৰাৰ স্বাৰ্থত ২০১৬-১৭ চনত প্ৰতিষ্ঠা কৰা হৈছিল বোকাখাত পৌৰ সভা আবণ্টিত ৫ বিঘা মাটিত এই ডাম্পিং গ্ৰাউণ্ডটোৰ। ব্যয় কৰা হৈছিল নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতা উন্নয়ণ পুঁজিৰ ডেৰ কোটিৰো অধিক টকা। কোৱা হৈছিল অত্যাধুনীক প্ৰযুক্তিৰ সহায়ত ইয়াত কৰা হ'ব আবৰ্জনা নিষ্কাশন।

জৈৱিক সাৰকে আদি কৰি অন্যান্য সামগ্ৰী তৈয়াৰ কৰা হ'ব লগতে বিদ্যুৎ সংযোগ, সৌন্দৰ্য বৰ্ধন, পথ মেৰামতি কৰাৰ কথা আছিল যদিও বাস্তৱত সকলো ফুটুকাৰ ফেন। আছে মাত্ৰ আবৰ্জনা নিষ্কাশনৰ বাবে স্থাপন কৰা আৰু বৰ্তমানেও অব্যহৃত এটা মেচিন আৰু কেৱল বিষাক্ত গন্ধময় আবৰ্জনা।

দৰাচলতে ডাম্পিং গ্ৰাউণ্ডটোৰ নামত ১কোটি ৫২ লাখ ৭৪ হাজাৰ টকা সৰকোৱাৰ এক অভিযোগ উত্থাপন হৈছে। RTI যোগেদি উন্মোচিত হৈছিল এই ভয়ংকৰ তথ্য। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বোকাখাত পৌৰসভাৰ একাংশ বিষয়ববীয়া আৰু দৰ্শন গোঁহাই আৰু জ্যোতিৰ্ময়ী বৰদলৈ নামৰ দুজন ঠিকাদাৰে এই আবৰ্জনা নিষ্কাশন কেন্দ্ৰটোৰ নিৰ্মাণ ব্যয়ৰ সিংহভাগ হৰলুকি কৰাৰ অভিযোগ উঠিছিল যদিও ইয়াৰ তদন্তৰ কথা জনা নগ'ল । বোকাখাতত সংঘটিত হোৱা আন বহুতো দুৰ্নীতিৰ তদন্ত নোহোৱাৰ দৰেই ইয়াৰো তদন্ত নহ'ল। ফলত অসম্পূৰ্ণ ডাম্পিং গ্ৰাউণ্ডটোৰ দুৰ্গন্ধ আৰু কদৰ্য পৰিৱেশে সমিপৰ জনপদ কৃষিপথাৰ বিষাক্ত কৰি তুলিছে।

তাৰ পাছতো কিন্তু এই ক্ষেত্ৰত চৰম উদাসীন বোকাখাত মহকুমা প্ৰশাসন, দায়িত্বজ্ঞানহীন বোকাখাত পৌৰ সভা। তাতোতকৈও গুৰুত্বপূৰ্ণ কথা হ'ল ক্ৰমাৎ অতি কদৰ্য হৈ পৰা ডাম্পিং গ্ৰাউণ্ডটো সমিপেৰেই বৈ গৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হৃদপিণ্ড বুলি খ্যাত ডিফলু নদী। এই নদীখনেই এই ঠাইৰ পৰা মাত্ৰ ডেৰ কিঃমিঃৰ আঁতৰত প্ৰৱেশ কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনলৈ।

ফলত এজাক বৰষুণ দিয়াৰ লগে লগেই ডাম্পিং গ্ৰাউণ্ডটোৰ সমস্ত বিষাক্ত পদাৰ্থ ডিফলু নদীখনে কঢ়িয়াই লৈ গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগলৈ। গতিকে অদুৰ ভৱিষ্যতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ তন্ত্ৰলৈ ভয়ংকৰ বিপদ মাতি অনাৰ আশংকা কৰা হৈছে। কিন্তু এইক্ষেত্ৰত নিমাত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পুঁজি পুষ্ট প্ৰকৃতিপ্ৰেমী সংগঠন।

অতি ভয়ংকৰ কথাটো হৈছে, এই ডাম্পিং গ্ৰাউণ্ডটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হৃদপিণ্ড স্বৰূপ ডিফলু নদীৰ তেনেই সমিপত নিৰ্মাণ কৰাতো। কাৰণ এজাক বৰষুণতেই ডাম্পিং গ্ৰাউণ্ডটোৰ সমস্ত বিষাক্ত পদাৰ্থ নদীখনৰ বুকুলৈ নামি যায়। নদীখনেৰে উদ্যানখনৰ অন্তৰ্ভাগলৈ প্ৰৱেশ কৰে। ফলত সোনকালেই ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ তন্ত্ৰত ই অতি বিপদ ঘটাব পাৰে । কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু কাজিৰঙাত থকা অতবোৰ ৰাষ্ট্ৰীয় - আন্তঃৰাষ্ট্ৰীয় পুঁজি পুষ্ট প্ৰকৃতি সংগঠন থাকোতে ডিফলু নদীৰ তেনেই সমিপত এটা ডাম্পিং গ্ৰাউণ্ডৰ কেনেদৰে অনুমতি দিয়া হ'ল বুলি প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে ।

গতিকে স্বাভাৱিক ভাৱেই প্লশ্ন উঠিছে যে ইমান এটা হঠকাৰী সিদ্ধান্তৰ আঁৰৰ ৰহস্য কি?ইফালে নুমলীগড় শোধনাগাৰৰ প্ৰতিষ্ঠাৰ পাছৰে পৰা ই পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰত নিকা ভাৱমুৰ্তিৰ প্ৰদৰ্শন কৰি আহিছে যদিও পৰিৱেশ কৰ্মী আদিৰ বক্তব্যত পৰিস্ফুত হৈ আহিছে এখন ওলোটা ছবিহে। বাস্তৱ ক্ষেত্ৰত পৰিৱেশ তন্ত্ৰৰ প্ৰতি চৰম ভাবুকিহে হৈ আহিছে নুমলীগড় তেল শোধনাগাৰ। বিগত ১৮ জুলাইত নুমলীগড় তেল শোধনাগাৰৰ নগৰাঞ্চলত হোৱা এটা বন্যহস্তীৰ ৰহস্যজনক মৃত্যুয়ে এই অভিযোগ পুনৰ প্ৰমাণ কৰিছে।

Also Read: আগমনিত আৰক্ষীৰ অভিযান: ৫০ কিল'গ্ৰাম গো মাংস জব্দ

bokakhat dumping ground