আগমনিত আৰক্ষীৰ অভিযান: ৫০ কিল'গ্ৰাম গো মাংস জব্দ

আগমনিত আৰক্ষীৰ অভিযান: ৫০ কিল'গ্ৰাম গো মাংস জব্দ

author-image
Asomiya Pratidin
New Update
পুনৰ মহানগৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণৰ সন্দেহ...

ডিজিটেল সংবাদ,ধুবুৰী: দেওবাৰে ধুবুৰী জিলাৰ আগমনি আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই ৫০ কিল'গ্ৰাম গো মাংস জব্দ কৰে। লগতে গো মাংস কঢ়িয়াই অনা ৪খনকৈ মটৰ চাইকেল জব্দ কৰে। প্ৰাপ্ত বাতৰি মতে, আগমনি আৰক্ষী থানাৰ অন্তৰ্গত ভামোনডাংগা দ্বিতীয় খণ্ড এলেকাৰ এঘৰ লোকৰ ঘৰত দীৰ্ঘ দিনৰ পৰা অবৈধ ভাবে গো মাংসৰ ব্যৱসায় চলি থকা বুলি অভিযোগ উত্থাপিত হৈছিল।

Advertisment

আজি আগমনি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ ডেকাৰ নিৰ্দেশ মৰ্মে আগমনি থানাৰ আৰক্ষীৰ এটি দলে ভামোনডাংগা দ্বিতীয় খণ্ড গাঁৱৰ বাসিন্দা আবেদ আলীৰ ঘৰৰ পৰা ৫০ কিল'গ্ৰাম গো মাংস জব্দ কৰাৰ লগতে ৪খনকৈ মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হয়।

আনহাতে আৰক্ষী অহাৰ খবৰ পাই গো মাংসৰ সৰবৰাহকাৰী কেইজনে মটৰ চাইকেল এৰি ঘটনাস্থলীৰ পলা পলাই যাবলৈ সক্ষম হয়।আজি আৰক্ষীয়ে জব্দ কৰা মটৰচাইকেল কেই খনৰ নম্বৰ হৈছে ক্ৰমে এএছ ১৭ এন ৪২৮৮, এএছ-১৭ এ ৩৫০৩, এএছ-১৭ এইচ- ৬২২১ আৰু এএছ ১৭-ই -৬৫৭৯। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Also Read: মৌলবাদীসকলে কোটা আন্দোলনত ছদ্মবেশেৰে প্ৰৱেশ কৰিছিলঃ শ্বেখ হাছিনা

aagmani news