বোকাখাতৰ বৰচাপৰি চাহ বাগিছাত মৃতদেহ উদ্ধাৰ

বোকাখাতৰ বৰচাপৰি চাহ বাগিছাত মৃতদেহ উদ্ধাৰ

ডিজিটেল ডেস্কঃ বোকাখাতৰ বৰচাপৰি চাহ বাগিছাত সংঘটিত হৈছে অঘটন ৷ বাগিচাৰ সমীপতে থকা এটা ৰাজহুৱা পুখুৰীত পৰি এজন লোকৰ সলিল সমাধি ঘটে ৷ ৰাজহুৱা পুখুৰীত পুৱাৰ ভাগত পানীত ওপঙি থকা অৱস্থাত এটা মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে ।

মৃতদেহটো বৰচাপৰি চাহ বাগিছাৰ বজাৰ লাইনৰ ফুলকেশ ডেকা বুলি চিনাক্ত কৰে পৰিয়ালৰ লোকে । শুকুৰবাৰে নিশাৰ পৰাই ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিল ফুলকেশ ডেকা ৷ শনিবাৰে পুৱা পুখুৰীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি গাওঁৰক্ষী বাহিনীয়ে বোকাখাত আৰক্ষীক খবৰ দিয়ে ৷

বোকাখাত আৰক্ষী আৰু মহকুমা প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে ৷ ৰাজহুৱা পুখুৰীটোত ইয়াৰ পূৰ্বেও অনুৰূপ ঘটনা সংঘটিত হোৱাত স্থানীয় লোকে পুখুৰীতো পুতি পেলোৱাৰ আহ্বান জনাইছে ।

বোকাখাতৰ বৰচাপৰি চাহ বাগিছাত মৃতদেহ উদ্ধাৰ
পশ্চিম ঘিলামৰা এম ই স্কুলৰ সোণালী জয়ন্তী : সাংস্কৃতিক শোভাযাত্ৰা-মুকলি সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in