/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/5bdb14cd-fe8a-4ef1-ac4e-d081f2511c3b/162.jpg)
ডিজিটেল সংবাদ, ঘিলামৰাঃ ২৮ মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা পশ্চিম ঘিলামৰা এম ই স্কুলৰ সোণালী জয়ন্তী উৎসৱৰ শনিবাৰে তৃতীয় দিনা উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰা উদ্বোধন কৰে ঘিলামৰা শাখা সাহিত্য সভাৰ সভাপতি দণ্ডীধৰ গোঁহায়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/4b0cbfd1-a875-46fd-bdfd-8ff24d8a0754/787447bb_e16b_45b6_ad61_ca3c2e55b5aa.jpg)
দুপৰীয়া ১২-০০ বজাৰ পৰা উদযাপন সমিতিৰ সভাপতি গুণকান্ত বড়াৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সভাত নৰ্থ বেংক কলেজৰ অধ্যক্ষ ড° যুগল শইকীয়া, ঘিলামৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ড° কেশৱ হাজৰিকা , অৱসৰী প্ৰধান শিক্ষক ডিম্বেশ্বৰ চেতিয়া, এন চি ডি কলেজৰ অধ্যক্ষ ড° সুৰজিৎ দলে, কৃষি উন্নয়ন বিষয়া বৈশালী বৰুৱা উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/78d141c4-e37e-44ae-b60a-19bef81611e1/3bc53d78_c4eb_4571_a4d8_c0bf2f5a58dd.jpg)