/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/84a459b1-d15e-4f2b-bc4b-8cb56c8414c3/117.jpg)
ডিজিটেল সংবাদ,কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হৈছে গঁড়ৰ মৃতদেহ। ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলত শনিবাৰে পুৱা উদ্ধাৰ হয় এটা খৰ্গহীন গঁড়ৰ মৃতদেহ।
একাংশৰ মতে গঁড়টোক চোৰাং চিকাৰীয়ে হত্যা কৰিছে ! অৱশ্যে ইয়াৰ পূৰ্বে চলিত বছৰটোত ২টাকৈ গঁড় হত্যাৰ অনাকাঙ্খিত ঘটনা সংঘটিত হৈছিল।
সেয়ে একাংশ স্থানীয় দল-সংগঠনে উক্ত ঘটনাটোক গুৰুত্ব সহকাৰে লৈছে। সংগঠনৰ দাবী যে, ই এক হত্যাকাণ্ড। যদিহে হত্যাকাণ্ড সংঘটিত হৈছে তেন্তে চলিত বছৰটোত এইটো তৃতীয়টো হত্যাকাণ্ড হ'ব। এই সমগ্ৰ ঘটনা প্ৰবাহক লৈ সমগ্ৰ কাজিৰঙা অঞ্চল জোকাৰি গৈছে।
ইফালে উক্ত ঘটনাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় দল-সংগঠনে। দল-সংগঠনৰ অভিযোগ- বন বিভাগে গঁড় হত্যাৰ ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছে। গঁড়টো পাৰস্পৰিক যুঁজত মৃত্যু হোৱা বুলি বন বিভাগে দাবী কৰিছে যদিও এই সন্দৰ্ভত কোনো ফটো বা ভিডিঅ সংবাদ মাধ্যমত ৰাজহুৱা কৰিবলৈ সক্ষম হোৱা নাই।
ইয়াৰ পিছতেই বন বিভাগক চোকা সমালোচনা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধিৰ লগতে স্থানীয় ৰাইজে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকগৰাকীৰ কাম কাজক লৈ মুঠেও সন্তুষ্ট নহয় ৰাইজ তথা স্থানীয় দল-সংগঠন।
শনিবাৰে পুৱা গঁড় হত্যাস্থলীত সাংবাদিকৰ প্ৰৱেশত বাধা প্ৰদান কৰাক লৈ ক্ষোভ উজাৰে দল-সংগঠনে। উল্লেখ্যে যে বছৰৰ আৰম্ভণিতে অগৰাতলী বনাঞ্চলত গঁড় হত্যাৰ পিছতেই সমালোচনাৰ সন্মুখীন হৈছিল বন বিভাগ। কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ পিছতো কেনেকৈ যোৱা দুটা মাহৰ ব্যৱধানত তিনিটাকৈ গঁড় নিধন হ'ল তাক লৈ এতিয়া প্ৰশ্নৰ উদ্ৰেক হৈছে।
Also Read: পণ্ডিত হেমচন্দ্ৰ গোস্বামী বিদ্যাপীঠৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ শুভাৰম্ভনী অনুষ্ঠান