/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/9d6bb170-a21b-44d8-b206-c37e8ceca00f/6.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ দেৰগাঁৱৰ ভিতৰুৱা মিছামৰা খনিকৰ গাঁৱৰ বয়সে হাৰ মনাব নোৱাৰা এজন দুৰন্ত তৰুণ বীৰেন্দ্ৰ নাথ দত্ত। আশীৰ উদ্ধৰ এই অশীতিপৰ খেলুৱৈজনে মহাৰাষ্ট্ৰৰ পুনেত ভাৰতীয় মাষ্টাৰ এথলেটিকছ ফেডাৰেচন চমুকৈ মফীৰ উদ্যোগত অনুষ্ঠিত ৪৪ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ এথলেটিকছ চেম্পিয়নত অংশগ্ৰহণ কৰে।
ৰাষ্ট্ৰীয় মাষ্টাৰ এথলেটিকছ চেম্পিয়ন ২০২৪ত বীৰেন্দ্ৰ নাথ দত্তই অংশগ্ৰহণ কৰি ত্ৰিপোল জাম্পত প্ৰথম স্থান দখল কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। লগতে ডিচকাছত ২য় শ্ৰেষ্ঠ খিতাপ দখল কৰি ৰূপৰ পদক অৰ্জন কৰে।
বৃহস্পতিবাৰে তেখেতৰ বাসগৃহতগোলাঘাট জিলা মাষ্টাৰ এথেলেটিকচ এছচিয়েছনৰ বিষয়ববীয়া, দেৰগাঁৱৰ বিশিষ্ট সমাজকৰ্মী গোপাল কৃষ্ণ খাউণ্ড আদিয়ে বীৰেন্দ্ৰ নাথ দত্তৰ সফলতাক সলাগ লৈ সম্বৰ্ধনা জ্ঞাপন কৰে।