বিশিষ্ট সমাজকৰ্মী বিবেকানন্দ ধৰৰ জীৱনাৱসান: ইলোৰা বিজ্ঞান মঞ্চৰ শোক প্রকাশ...

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বিশিষ্ট সমাজকৰ্মী বিবেকানন্দ ধৰৰ মৰণোত্তৰ দেহদান...

author-image
Asomiya Pratidin
New Update
কোলাপথাৰ লখিমীনগৰত গাঁও উন্নয়ন সমিতি গঠন...

AGRANI KHABAR

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলাৰ কুৰুৱাবাহী তিনিআলিৰ বিশিষ্ট সমাজকৰ্মী বিবেকানন্দ ধৰে সোমবাৰে নিশা মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬২ বছৰ।

Advertisment

সমাজহিতৈষী আৰু মানৱদৰদী ধৰদেৱে চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষতা আৰু মানৱ কল্যাণৰ হকে ২০১৫ চনত সেচ্ছাসেৱী সংগঠন "সহায়"ৰ এক বিশেষ কাৰ্যসূচীত ৰাজহুৱাকৈ ইলোৰা বিজ্ঞান মঞ্চৰ ইচ্ছাপত্ৰত মৰনোত্তৰ দেহদানৰ কথা সদৰি কৰিছিল। সেইমৰ্মে আজি কিছুদিন পূৰ্বে তেখেতৰ এই মহানুভৱতাৰ বাবে বোকাখাতত অনুষ্ঠিত ইলোৰা বিজ্ঞান মঞ্চৰ বিশেষ অনুষ্ঠানত ইলোৰা বিজ্ঞান মঞ্চ আৰু কমলেশ্বৰ ৰাজখোৱা স্মাৰক প্ৰয়াস বিজ্ঞানমনষ্ক যাত্ৰাই যৌথভাবে সম্বৰ্ধনা জ্ঞাপন কৰিছিল।

মানৱতাবাদী আৰু বিজ্ঞানমনস্ক সমাজকৰ্মী গৰাকীৰ শেষ ইচ্ছা অনুসৰি মঙলবাৰে তেখেতৰ মৰণোত্তৰ দেহ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত দান কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ হৈ প্ৰয়াত বিবেকানন্দ ধৰৰ মৰণোত্তৰ দেহ মৰ্যাদা সহকাৰে গ্ৰহণ কৰে বিভাগীয় মুৰব্বীয়ে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকি কেইবাগৰাকীও শিক্ষক-কৰ্মচাৰী, পৰিয়ালৰ সদস্য, ইলোৰা বিজ্ঞান মঞ্চৰ সদস্য, ছাত্ৰ ছাত্ৰীৰ লগতে অসংখ্য গুণমুগ্ধ লোকে বিজ্ঞানমনস্ক আৰু মানৱহিতৈষী ব্যক্তি গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

মঙলবাৰে পুৱা তেখেতৰ মৃতদেহ বোকাখাত কুৰুৱাবাহীৰ বাসগৃহৰ পৰা যোৰহাট মেডিকেল কলেজলৈ নিয়াৰ সামগ্ৰিক ব্যৱস্থাপনাত প্ৰশাসনীয় উদ্যোগ লৈছিল "সহায়", আৰু ইলোৰা বিজ্ঞান মঞ্চ, বোকাখাতে। তেখেতে পত্নী সমন্বিতে আত্মীয়-স্বজন আৰু বহু গুণমুগ্ধক এৰি গৈছে। ইলোৰা বিজ্ঞান মঞ্চই সমাজকৰ্মী বিবেকানন্দ ধৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰিছে। লগতে মঞ্চই ধৰদেৱৰ শোক বিহ্বল পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।

Also Read: ৰাইডঙীয়াৰ ক'ৰছুং ছহীদ স্মৃতি খেলপথাৰত উখল-মাখল পৰিৱেশ...

jorhat #elorabigyanmancho