বক্সাৰৰ আশাৰ ৰেঙণি 'ড্ৰীম স্পৰ্টছ ফাউণ্ডেশ্যন'

বক্সাৰৰ আশাৰ ৰেঙণি 'ড্ৰীম স্পৰ্টছ ফাউণ্ডেশ্যন'

ডিজিটেল ডেস্ক : ড্ৰীম স্পৰ্টছ ফাউণ্ডেশ্যনৰ 'ড্ৰীম জব' কাৰ্যসূচীৰ সৈতে জড়িত মেৰীকম আঞ্চলিক বক্সিং ফাউণ্ডেশ্যনৰ যুৱ বক্সাৰসকল উত্তৰ-পূব ভাৰতৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ আহিছে। মণিপুৰত দেখা আটাইতকৈ কঠিন সময়ৰ মাজত সকলো প্ৰতিকূলতাৰ সন্মুখীন হৈ যোৱা কেইসপ্তাহমানত ৪গৰাকী যুৱ বক্সাৰে বিভিন্ন প্ৰতিযোগিতাত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে ২০২১ চনত ড্ৰীম জব্ কাৰ্যসূচী আৰম্ভ হোৱাৰ পৰা ডি এছ এফে মেৰীকম আঞ্চলিক বক্সিং ফাউণ্ডেচনৰ বক্সাৰসকলক ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁলোকৰ বিকাশ আগবঢ়োৱাৰ প্ৰচেষ্টাত সহায় কৰি আহিছে।

আনকি কঠিন সময়তো তেওঁলোকৰ প্ৰশিক্ষণ অব্যাহত ৰাখিবলৈ সক্ষম হৈছিল। এই ধাৰা অৱ্যাহত ৰাখি সমগ্ৰ ভাৰতৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ অৰ্জন কৰিছিল।

পৰ্যাপ্ত সমৰ্থন, প্ৰশিক্ষণ সঁজুলি আৰু প্ৰশিক্ষণৰ সহায়ত যুৱ খেলুৱৈসকলে তেওঁলোকৰ যোগ্যতা প্ৰমাণ কৰিবলৈ সক্ষম হৈ আহিছে। তেওঁলোকৰ কঠোৰ অধ্যাৱসায়, অনুশীলন, নিষ্ঠা আৰু একাগ্ৰতাৰ বলতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত একাধিক পদক জিকিবলৈ সমক্ষ হৈছে বুলি জানিবলৈ দিয়ে।

শেহতীয়াকৈ বিভিন্ন প্ৰতিযোগিতাত সুনাম অৰ্জন কৰা সকলৰ ভিতৰত আছে আয়ুশী দুবে, চিংলেম্বা মইৰাংথেম, এলাংবাম থোইথোই, পুঞ্চিবা মইৰেন্থেম আৰু নিমচোলান কাপাই। সফল বক্সাৰ চিংলেম্বা মইৰাংথেমৰ পিতৃ পেচাত এগৰাকী ট্ৰাক চালক। তেওঁ চীনত অনুষ্ঠিত মাল্টি-নেশ্যন বক্সিং প্ৰতিযোগিতাত ৬৩ কিলোগ্ৰাম শাখাত স্বৰ্ণ জয় কৰিছিল।

লগতে বক্সাৰগৰাকীয়ে যোৱা সপ্তাহত চেন্নাইত অনুষ্ঠিত খেলো ইণ্ডিয়া য়ুথ গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰি উত্তৰ-পূবলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। ইফালে, বক্সাৰ নিমচোলান কাপাইৰ পিতৃ এগৰাকী মিস্ত্ৰী। প্ৰতিভাৱান বক্সাৰ কাপাইয়ে চলিত বৰ্ষৰ ৩ ৰ পৰা ৮ জানুৱাৰীলৈ অনুষ্ঠিত ৬৭ সংখ্যক ৰাষ্ট্ৰীয় বিদ্যালয় ক্ৰীড়াত ৬৩ কিলোগ্ৰাম শাখাত ব্ৰঞ্জপদক লাভ কৰি কৃতকাৰ্যতা লাভ কৰিছিল।

আনগৰাকী বক্সাৰ আয়ুশী দুবে, যাৰ দেউতাক এজন ব্যৱসায়ী আৰু মাতৃ এগৰাকী গৃহিণী। তেওঁ ১ ৰ পৰা ৫ নৱেম্বৰত আয়োজিত ইণ্টাৰ স্কুল নেচনেল টুৰ্ণামেণ্টত ব্ৰঞ্জৰ পদক জিকিছিল।

একে সময়তে প্ৰতিভাৱান বক্সাৰ পুঞ্চিবা মইৰেন্থেমে অৰুণাচল প্ৰদেশত অনুষ্ঠিত ৫ম জুনিয়ৰ বয়জ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপ ২০২৩ত সোণৰ পদক লাভ কৰিছিল।

ইয়াৰোপৰি তেওঁ পৰৱৰ্তী সময়ত ৬০ কিলোগ্ৰাম শাখাত খাজাকাস্তানৰ আস্তানাত অনুষ্ঠিত এ এছ বি চি এছিয়ান জুনিয়ৰ বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল। তেওঁৰ দেউতাক মণিপুৰ আৰক্ষীৰ এজন কৰ্মচাৰী আৰু মাতৃ এগৰাকী গৃহিণী।

ইফালে ৫১ কিলোগ্ৰাম শাখাত অংশগ্ৰহণ কৰা এলাংবাম থোইথোইয়ে চলিত বৰ্ষৰ ৬ৰ পৰা ১১ জানুৱাৰীলৈ আয়োজিত এক প্ৰতিযোগিতাত দমন আৰু দিউত ব্ৰঞ্জৰ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। এইগৰাকী বক্সাৰো দুখীয়া পৰিলয়তে জন্মগ্ৰহণ কৰা। তেওঁৰ পৰিয়ালৰ লোকে সৰু মাছৰ ফাৰ্মৰ জড়িয়তে জীৱিকা অৰ্জন কৰে।

উল্লেখ্য যে, ২০১২ ৰ অলিম্পিক পদক বিজয়ী মেৰীকম সমৰ্থিত এম কে আৰ বি এফৰ এইসকল উদীয়মান বক্সাৰৰ সন্দৰ্ভত এগৰাকী বিষয়ববীয়াই কয়- মেৰীকম আঞ্চলিক বক্সিং ফাউণ্ডেশ্যনৰ ড্ৰীম জব কাৰ্যসূচীৰ পৰা ওলাই অহা এই যুৱ আৰু প্ৰতিভাশালী বক্সাৰসকলক দেখি মই অত্যন্ত গৌৰৱান্বিত। আমাৰ লক্ষ্য হৈছে প্ৰতিবছৰে অধিক প্ৰতিভা গঢ়ি তোলা।

মণিপুৰত কেতিয়াও প্ৰতিভাৰ অভাৱ হোৱা নাই, কিন্তু ড্ৰীম স্পৰ্টছ ফাউণ্ডেচনৰ সমৰ্থনৰ বাবে, আমি খেলুৱৈসকলক স্বীকৃতি দিয়াৰ বাবে এখন মঞ্চ প্ৰদান কৰিবলৈ সক্ষম হৈছো বুলি মন্তব্য কৰে।

বক্সাৰৰ আশাৰ ৰেঙণি 'ড্ৰীম স্পৰ্টছ ফাউণ্ডেশ্যন'
বিভিন্ন দাবীৰে কাৰ্বি আংলং জিলা আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in