ভবানন্দ কলিতালৈ 'শ্বহীদ সাংবাদিক পবিত্ৰ নাৰায়ণ সোঁৱৰণী সাংবাদিকতা বঁটা-২০২৩'

ভবানন্দ কলিতালৈ 'শ্বহীদ সাংবাদিক পবিত্ৰ নাৰায়ণ সোঁৱৰণী সাংবাদিকতা বঁটা-২০২৩'

ডিজিটেল সংবাদ, কাজিৰঙাঃ বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক, বোকাখাত প্ৰেছক্লাৱৰ সভাপতি ভবানন্দ কলিতাক শ্বহীদ সাংবাদিক পবিত্ৰ নাৰায়ণ সোঁৱৰণী সাংবাদিকতা বঁটা-২০২৩ৰ বাবে নিৰ্বাচন কৰা হৈছে৷ চৰকাৰী পঞ্জীভুক্ত সাংবাদিক সংগঠন 'আসাম প্রেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন' চমুকৈ 'আপকু'ৰ তৰফৰ পৰা এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে৷

অহা ১০ ডিচেম্বৰত গহপুৰ মহকুমা সমিতিৰ আতিথ্যত গহপুৰত অনুষ্ঠিত হ'ব লগা আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়নৰ ষষ্ঠদশ কেন্দ্রীয় মধ্যকালীন অধিৱেশনৰ মুকলি সভাত সাংবাদিক ভৱানন্দ কলিতাক আপকুয়ে এই বঁটা প্ৰদান কৰিব বুলি আপকুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি স্বপন কুমাৰ ৰাভা, কার্যকৰী সভাপতি মৌচম জ্যোতি বৈশ্য আৰু প্রধান সম্পাদক শৰৎ শেনছোৱাই জনাইছে৷

উল্লেখ্য যে, বোকাখাত নিৱাসী জেষ্ঠ সাংবাদিক গৰাকীয় নবৈ দশকৰ পৰাই অসমৰ বিভিন্ন বাতৰি কাকতৰ সংবাদ পৰিবেশন কৰি আহিছে ৷ ভৱানন্দ কলিতা বোকাখাতৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত থকাৰ উপৰি বিভিন্ন আলোচনী আৰু বিভিন্ন মাধ্যমত লেখামেলা কৰে৷ কাজিৰঙা অধ্যয়ন চক্ৰৰ তৰফৰ পৰা জ্যেষ্ঠ সাংবাদিক কলিতাক উষ্ম আদৰণি জনোৱাৰ লগতে বোকাখাত প্ৰেছ ক্লাৱ, বোকাখাত মহকুমা সাংবাদিক সংস্থা, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা আদিৰ লগতে বিভিন্ন দল-সংগঠনে অভিনন্দন জনাইছে৷

ভবানন্দ কলিতালৈ 'শ্বহীদ সাংবাদিক পবিত্ৰ নাৰায়ণ সোঁৱৰণী সাংবাদিকতা বঁটা-২০২৩'
APSC কেলেংকাৰীঃ পুনৰ ৩ ৰাজপত্ৰিত বিষয়াক চি আই ডিত হাজিৰ হোৱাৰ নিৰ্দেশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in