কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ শ্ৰেষ্ঠ সাংবাদিকৰ বঁটা অসমীয়া প্ৰতিদিনৰ বিকাশ শৰ্মালৈ..
কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ শ্ৰেষ্ঠ সাংবাদিকৰ বঁটা অসমীয়া প্ৰতিদিনৰ বিকাশ শৰ্মালৈ..

কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ শ্ৰেষ্ঠ সাংবাদিকৰ বঁটা অসমীয়া প্ৰতিদিনৰ বিকাশ শৰ্মালৈ..

ডিজিটেল সংবাদ কাজিৰঙাঃ 'অসমীয়া প্ৰতিদিন'ৰ গোলাঘাটৰ সাংবাদিক বিকাশ শৰ্মালৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা৷ কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাই প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা এই বঁটা প্ৰদান কৰা হ’ব সংস্থাৰ পূৰ্ণাংগ অধিৱেশনত৷

সংস্থাৰ সভাপতি নীলপদ্ম শৰ্মা আৰু সম্পাদক ৰঞ্জিত ৰজকে আজি এক সংবাদ মেলযোগে জনোৱা অনুসৰি, অহা ২৯ আৰু ৩০ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ পূৰ্ণাংগ অধিৱেশনখনি অনুষ্ঠিত হ’ব৷ অনুষ্ঠানৰ প্ৰথমদিনা অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত তিনিটা বিভিন্ন শিতানত কাজিৰঙা বঁটা প্ৰদান কৰা হ’ব৷

কাজিৰঙাৰ প্ৰথম গৰাকী সাংবাদিক, শিক্ষাবিদ প্ৰয়াত বাপকণ দাসৰ সোঁৱৰণত গোলাঘাট জিলা ভিত্তিত শ্ৰেষ্ঠ সাংবাদিকৰ কাজিৰঙা বঁটা গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাক প্ৰদান কৰা হ’ব৷ আনহাতে, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত গোবিন্দ চন্দ্ৰ সাহাৰ সোঁৱৰণত অৱসৰপ্ৰাপ্ত বনবিষয়া চিন্ময় ধৰক গোলাঘাট জিলা ভিত্তিত শ্ৰেষ্ঠ পৰিৱেশকৰ্মীৰ কাজিৰঙা বঁটা প্ৰদান হ’ব৷

তদুপৰি, ২০২৩ চনত চীনত অনুষ্ঠিত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এগৰাকী ক্ৰিকেটাৰ হিচাপে অংশগ্ৰহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা ক্ৰিকেটাৰ বোকাখাতৰ গৌৰৱ উমা ছেত্ৰীলৈ সমাজকৰ্মী প্ৰয়াত গুণীন্দ্ৰনাথ ফুকনৰ সোঁৱৰণত শ্ৰেষ্ঠ খেলুৱৈৰ কাজিৰঙা বঁটা প্ৰদান কৰা হ’ব৷ গোলাঘাট জিলাৰ কেইবাগৰাকী জ্যেষ্ঠ তথা অভিজ্ঞ ব্যক্তিক লৈ গঠিত জুৰী বৰ্ডে আজি বিভিন্ন শিতানৰ এই কেইগৰাকীক মনোনীত কৰাৰ পাছতেই সংবাদমেলযোগে সংস্থাই ঘোষণা কৰে৷

ইপিনে, সোমবাৰে দিনৰ ভাগত সংস্থাৰ মুকলি সভা অনুষ্ঠিত হোৱাৰ বিপৰীতে ৩০ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ সহযোগত কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাই প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিব বনৰীয়া ম’হ দিৱস৷ নিশাৰ ভাগত আছে কণ্ঠশিল্পী বিপিন চাউদাঙৰ গীতৰ শৰাই৷

য’ত যশস্বী কণ্ঠশিল্পী জে পি দাস আৰু মণিষা হাজৰিকাও উপস্থিত থাকিব৷ কাজিৰঙা বনবিভাগৰ শতবৰ্ষ উদযাপন কেন্দ্ৰৰ চৌহদত অনুষ্ঠিত হ’বলগীয়া দুদিনীয়া কাৰ্যসূচীৰ সকলো অনুষ্ঠানতে ৰাইজৰ উপস্থিতি কামনা কৰিছে৷

কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ শ্ৰেষ্ঠ সাংবাদিকৰ বঁটা অসমীয়া প্ৰতিদিনৰ বিকাশ শৰ্মালৈ..
অসম আৰক্ষীৰ স্পষ্টিকৰণঃ মানস বৰগোঁহাইক আলফা (স্বা)ৰ কেম্পলৈ প্ৰেৰণ কৰা নাই...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in