খুমটাইত মৌ-পালনৰ বিশেষ সজাগতামূলক সভা : বিদেশী পৰ্যটকৰো অংশগ্ৰহণ

খুমটাইত মৌ-পালনৰ বিশেষ সজাগতামূলক সভা : বিদেশী পৰ্যটকৰো অংশগ্ৰহণ

ডিজিটেল সংবাদ,গোলাঘাট : খুমটাইৰ যোগিবাৰী গ্ৰাম্য পৰ্য্যটন ক্ষেত্ৰত শুকুৰবাৰে মৌ পালনৰ বিষয়ে এখন তথ্যসমৃদ্ধ সজাগতামূলক সভা অনুষ্ঠিত হৈ যায়। বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সজাগতা সভাত নেদাৰলেণ্ডৰ পৰা অহা মৌ বিশেষজ্ঞ জন এৰাইভেন বাৰ্কুমে সহজ-সৰলকৈ বিষয় সম্বন্ধে বক্তব্য প্ৰদান কৰে।

উদ্যোক্তাই জনোৱা অনুসৰি, এই সজাগতামূলক অনুষ্ঠানত উপস্থিত থাকি মৌ-পালকসকল যথেষ্ট উপকৃত হয়। পৰিকল্পিতভাৱে ব্যৱসায়িক ক্ষেত্ৰত মৌ-পালনে কেনেধৰণৰ ভূমিকা ল'ব পাৰে তাৰ বিষয়ে বিশদ আলোচনা আগবঢ়াই বিদেশী পৰ্যটকগৰাকীয়ে ।

মৌ-পালনৰ জৰিয়তে কেনেকৈ স্বাৱলম্বী হৈ সৰু বৰ উদ্যোগ গঢ়ি তুলিব পাৰি সেই সম্পৰ্কে বক্তব্য প্ৰদান কৰে বিশেষজ্ঞ জন এৰাইভেন বাৰ্কুমে । খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে সমষ্টিটোৰ বহুকেইগৰাকী মৌ পালকে এই সজাগতা সভাত অংশ লয়।

খুমটাইত মৌ-পালনৰ বিশেষ সজাগতামূলক সভা : বিদেশী পৰ্যটকৰো অংশগ্ৰহণ
দুৰ্গা বন্দনাৰে মুখৰ মথুৰাপুৰৰ পূজাথলী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in