দুৰ্গা বন্দনাৰে মুখৰ মথুৰাপুৰৰ পূজাথলী

দুৰ্গা বন্দনাৰে মুখৰ মথুৰাপুৰৰ পূজাথলী

ডিজিটেল সংবাদ,মথুৰাপুৰঃ এতিয়া পূজাৰ বতৰ । চৌদিশে কেৱল পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰ ধ্বনি । ৰাজ্যৰ বিভিন্ন স্থানৰ দৰে চৰাইদেউ মথুৰাপুৰ পূজা মণ্ডপ মুখৰিত হৈ পৰিছে দেৱী বন্দনাৰে ।

অঞ্চলটোৰ একমাত্ৰ তথা অতি পুৰণি এই পূজাৰ মণ্ডপ সু-উচ্চ ৰূপত সজাই তোলা হৈছে ৷ এই মণ্ডপে আকৰ্ষিত কৰিছে ভক্তপ্ৰাণ ৰাইজক । যা দেৱী সৰ্বভূতেষু... মন্ত্ৰোচ্চাৰণৰ ধ্বনি ভাহিছে পূজাথলীত ৷

শনিবাৰে মহাসপ্তমী দিনাও ঢাক-ঢোলৰ শব্দত মুখৰিত হৈছে পূজাথলী ৷ দেওবাৰে মহাষ্টমীৰ দিনা পৰম্পৰাগতভাৱে বলি-বিধানৰ আয়োজন কৰা বুলি উদ্যোক্তাই জানিবলৈ দিছে ৷

দুৰ্গা বন্দনাৰে মুখৰ মথুৰাপুৰৰ পূজাথলী
আত্ম সমৰ্পণ কৰা নাই এন এল এফ বিয়ে!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in