
ডিজিটেল সংবাদ গোলাঘাট: আজি আদালতত হাজিৰ হ'ল বিদ্ৰোহী কবিতা লিখি চৰকাৰৰ ৰোষত পৰা বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁই। ছাত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, আইনৰ ওপৰত তেওঁৰ সম্পূৰ্ণ আস্থা আছে। আজি আদালতে অহা ১৬ মাৰ্চত তেওঁক পুনৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে।
প্ৰসঙ্গ ক্ৰমে উল্লেখ কৰিব পাৰি যে, আলফা( স্বাধীন)ৰ সাপেক্ষে ২০২২ চনৰ মে' মাহত সামাজিক মাধ্যমত এটা ষ্টেটাছ দি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ দুমাহৰো অধিক সময় গোলাঘাটৰ কাৰাগাৰত বন্দী হৈ থাকিবলগীয়া হৈছিল যোৰহাটৰ ডি চি বি কলেজৰ এই গৰাকী ছাত্ৰী। সেই সময়ত এই ঘটনাই ৰাজ্যৰ সৰ্বত্ৰে হৈ চৈ সৃষ্টি হোৱাৰ লগতে সামাজিক মাধ্যতো বৰ্ষাশ্ৰীৰ সপক্ষে চৰ্চা হৈছিল।
প্ৰসঙ্গ ক্ৰমে উল্লেখ কৰিব পাৰি যে, যোৰহাট জিলাৰ টিয়কৰ মেধাবী ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে ২০২২ৰ মে' মাহত সামাজিক মাধ্যমত পষ্টটো দিয়াৰ পাছতে গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ জয়াপথাৰ গাঁৱত থকা নিজৰ বান্ধবীৰ ঘৰলৈ ফুৰিব গৈছিল। যোৱা ১৮ মে'ত বান্ধবীৰ ঘৰত থকাৰ সময়তে উৰিয়ামঘাট থানাৰ আৰক্ষীয়ে বৰ্ষাক আটক কৰি তেওঁৰ বিৰুদ্ধে এটা গোচৰ(গোচৰ নং-২০/২২ ) পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰিছিল।
এই ঘটনাই ৰাজ্য খনত ব্যাপক প্ৰতিক্ৰিয়া যি সৃষ্টি কৰিছিল। দুমাহৰো অধিক দিন জে'লত থকা যোৰহাট D C B কলেজৰ বিজ্ঞান শাখাৰ দ্বিতীয় ষাণ্মাষিকৰ ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে দুটাকৈ পৰীক্ষা জে'লৰ ভিতৰতে দিবলগীয়া হৈছিল।
ইয়াৰ পিছত যোৱা ২০২২ চনৰ২১ জুলাইত উচ্চ ন্যায়ালয়ৰ পৰা বৰ্ষাশ্ৰীয়ে জামিন লাভ কৰিছিল। পিছত চৰকাৰ তথা আৰক্ষী উচ্চ পৰ্যায়ত চিন্তা চৰ্চাৰ মাজেৰে ছাত্ৰীগৰাকীৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি বৰ্ষাশ্ৰী বুঢ়াগোহাঁই বিৰুদ্ধে থকা গোচৰ খাৰিজ কৰা কথা চিন্তা কৰা হৈছিল যদিও উৰিয়ামঘাট আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ নামা দাখিল কৰাৰ পাছত আদালতে আজি তেওঁক আদালতত হাজিৰ কৰাৰ নিৰ্দেশ দিছিল।