/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/a24c10d4-054a-40ae-8b4c-a62f68440ce4/MISSING_7.jpg)
কামপুৰ মাজৰআটিৰ এজন লোক সন্ধানহীন হৈ থকাত চাঞ্চল্য...
ডিজিটেল সাংবাদ কামপুৰঃ নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰআটি গাঁৱৰ এজন লোক বৃহস্পতিবাৰে নিশাৰ পৰা সন্ধানহীন হৈ থকাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰহস্যৰ। মাজৰআটি গাঁৱৰ প্ৰভাত বৰা (৬০) নামৰ লোকজন নিজ ঘৰৰ পৰাই সন্ধানহীন হয় ।
লোকজন সন্ধানহীন হোৱাৰ পিছতে আত্মীয়ই বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰে যদিও কোনো সন্ধান লাভ কৰা নাই । ইফালে নিশাৰী নৈৰ পাৰত আজি প্ৰভাত বৰাৰ বেগটো প্ৰত্যক্ষ কৰা হয় ।
তেওঁৰ বেগটো নৈৰ পাৰত দেখাৰ পিছত আত্মীয়ৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ নৈৰ বুকুত অভিযান চলাই যদিও বাতৰি লিখা পৰলৈকে লোকজনৰ কোনো সন্ধান পোৱা নাই ।
Also Read: কামপুৰৰ চাংচকীত বানে চিঙি নিলে নৱনিৰ্মিত মথাউৰি...