/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/82452966-ec82-482e-a5a8-73a6cc047d1c/golaghat.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ আন্তৰ্জাতিক মিলেট বৰ্ষৰ লগত সংগতি ৰাখি শুকুৰবাৰে গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত মেৰাপানী টাউন প্ৰাথমিক বিদ্যালয়ত 'অসমৰ স্কুলীয়া ছাত্ৰ-ছাত্রীৰ বাবে মিলেট' শীর্ষক এখন সজাগতা সভাৰ আয়োজন কৰা হয়।মেৰাপানী টাউন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সুমন্ত দাসৰ অধ্যক্ষতাত অনুষ্ঠিত হয় সজাগতা সভাখনি ।
প্ৰায় ১০০ গৰাকী শিক্ষার্থীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী, সমাজ কল্যাণ বিভাগৰ মুখ্য সেৱিকা, অংগনাবাড়ী কৰ্মীসকলেও এই সভাত অংশগ্ৰহণ কৰে। সভাখনত গোলাঘাট জিলা কৃষি বিভাগৰ তৰফৰ পৰা অসম মিলেট মিচনৰ ন'ডেল অফিচাৰ শান্তনু দত্তই আদৰণী ভাষণ প্ৰদান কৰে। সভাত তেওঁ মিলেটৰ প্ৰকাৰ আৰু মিলেটৰ গুণাগুণ তথা উপকাৰিতা সম্পর্কে ছাত্র-ছাত্ৰীক অৱগত কৰাৰ জৰিয়তে সজাগতা অনাৰ চেষ্টা কৰা হয়।
আজিৰ এই মিলেটৰ সজাগতা সভাখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ মৃদুস্মিতা বৰঠাকুৰে।তেওঁ মিলেটৰ গুণাগুণ, পানীৰ প্ৰয়োজন, পুষ্টি, বহনশীল ভবিষ্যত, জলবায়ু অনুকূল কৃষি হিচাপে মিলেট আদি সন্দৰ্ভত বক্তব্য আগবঢ়াই।
উল্লেখযোগ্য আজিৰ এই সজাগতা সভা খনত প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰে।সজাগতা সভাৰ শেষত সমাজ কল্যাণ বিভাগ আৰু শিক্ষা বিভাগক গোলাঘাট জিলা কৃষি বিভাগৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে।
অসম মিলেট মিছনৰ কৃষি সম্প্ৰসাৰণ বিশেষজ্ঞ গুনিন ৰয়ে সজাগতা সভাৰ কাৰিকৰী দিশত সহায় সহযোগিতা আগবঢ়ায়। উল্লেখ্য যে আজিৰ সভাখনত গোলাঘাট জিলা কৃষি কাৰ্যালয়ৰ জিলা সংবাদ বিশেষজ্ঞ ভাৰ্গব শইকীয়া, মিলেট বাণিজ্যিক কাৰ্য্যবাহী উত্তম দুৱৰা আৰু জিলা মিলেট সম্প্ৰসাৰণ কাৰ্যবাহী বিদিশা ভট্টচাৰ্য্য উপস্থিত থাকে। আজিৰ সজাগতা সভাখনত মিলেট খেতি বিষয়ক বহুকেইখন পত্ৰিকা উপস্থিত ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা হয়।
Also Read: "বিপৰ্যয়ক' লৈ অসমতো সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি...