/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/962658ec-3e24-44bb-a078-8639587bc7f1/bipor.jpg)
ডিজিটেল ডেস্কঃ সাগৰীয় ঘূৰ্ণিবতাহ বিপৰ্যয়ৰ আতংকৰ বাবেই যোৱা ১৫ জুনৰ পৰা ১৯ জুনলৈ ধুবুৰীৰ পৰা দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ নদীসমূহত হঠাতে নাওঁ, লঞ্চৰ চলাচল বন্ধ কৰি দিয়া হৈছে । এই লৈ এতিয়া যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/75e80fad-8afa-47b5-ba59-3820d92cf04a/f376d0ae_84f1_49fa_9c0d_3b1eee8f0c55.jpg)
শুকুৰবাৰে পুৱা দক্ষিণ শালমাৰাৰ বিভিন্ন অঞ্চলৰ পৰা যাত্ৰীসকল নাওঁ বা লঞ্চৰ জৰিয়তে ধুবুৰীত উপস্থিত হয় যদিওঁ উভতি যোৱাৰ সময়ত বাধা প্ৰদান কৰে জিলা প্ৰশাসনে। দক্ষিণ শালমাৰা মানকাচৰ জিলা উপায়ুক্তই এক নিৰ্দেশ যোগে বন্ধ কৰিছে এই ফেৰি সেৱা ।
বৃহস্পতিবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে । এই নিৰ্দেশনা আজি লাভ কৰাৰ পিছৰে পৰা নাওঁ, লঞ্চৰ গৰাকীসকলে চলাচল বন্ধ কৰিছে ।
ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাত প্ৰৱল বৰষুণ, ভয়ংকৰ বজ্ৰপাত হোৱাৰ সম্ভৱনাৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা হৈছে এই নিৰ্দেশনা । জিলা দুখনত প্ৰৱল বৰষুণ আৰু ভয়ংকৰ বজ্ৰপাত হোৱাৰ সতৰ্কতা জাৰি কৰিছে কেন্দ্ৰীয় আৰু গুৱাহাটীস্থিত আঞ্চলিক মেট্ৰোলজিকেল বিভাগে ।
এই সতৰ্কবানীৰ পিছতে ফেৰি সেৱা বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে দক্ষিণ শালমাৰা মানকাৰ জিলা উপায়ুক্তই । ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ জ'নত থকা জিলা খনৰ প্ৰশাসনে নাওঁ চলাচল বন্ধ কৰাৰ পিছতেই ধুবুৰীত আবদ্ধ হৈ পৰিল শ শ যাত্ৰী।
Also Read: ৰুষ্ট প্ৰকৃতিঃ জুনত গেৰুকামুখত উৎপাদন নহয় বিদ্যুৎ, ডুবি আছে টাৰ্বাইন...