মন্ত্ৰী-বিধায়ক !
মৃদুল কুমাৰ সন্দিকৈ
মন্ত্ৰী-বিধায়ক ! কিমান ডাঙৰ মানুহ আমাৰ বাবে। কিমান সন্মানীয় মানুহ সমাজৰ কাৰণে। কিমান প্ৰয়োজনীয় মানুহ ৰাইজৰ বাবে।
সেইসকল আমাৰ প্ৰতিনিধি। তেওঁলোকেই আমাৰ ভাগ্যনিয়ন্তা। তেওঁলোকে কি কৰে আমি লক্ষ্য কৰোঁ। তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উঠিলে আমি ক্ষোভিত হওঁ।
কেতিয়াবা ভাবেনে আপুনি- যদি আপুনিও মন্ত্ৰী বা বিধায়ক হ’লহেতেঁন তেনেহ’লে আজি এচাম মন্ত্ৰী-বিধায়কে কৰা কি কাম আপুনি নকৰিলেহেঁতেন। তাৰ বিপৰীতে কি কৰিলেহেঁতেন আপুনি ?
শাসকীয় পক্ষৰ মন্ত্ৰী বা বিধায়ক হোৱা হ’লে আপোনাৰতো ক্ষমতাৰ অপাৰ হ’ল হয়। ইচ্চা কৰিলেই যিকোনো কাম কৰিব পৰা ক্ষমতা,যিকোনো কথা ক’ব পৰা সুবিধা থাকিলহেতেঁন।
হয়তো আপুনি বিধায়ক হোৱা হ’লে মৰ্যদা ৰাখিলহেতেঁন বিধানসভাৰ। উপলব্ধি কৰিলেহেতেঁন সেইখনটো নহয় মাছৰ বজাৰ। কাৰোবাক কটাক্ষ কৰিবলৈ দুই বুঢ়া-আঙুলি দেখুৱাই প্ৰদৰ্শন নকৰিলেহেতেঁন অহংকাৰ।
বিধানসভা মানেই শাসক-বিৰোধীৰ যুঁজস্থলী নহয়। শাসনলৈ আহি পূৰ্বৰ শাসনত থকাসকলৰ কু-কৰ্মৰ উদাহৰণ দাঙি নিজক ৰক্ষণা-বেক্ষণ দিয়াৰ চেষ্টাও হয়তো নকৰিলেহেতেঁন। বুজিলে হয় তেওঁলোক বেয়াৰ বাবেই ৰাইজে আপোনালোকৰ হাতত তুলি দিছে শাসনৰ দণ্ড। তুলনাৰে নিজক ধোৱা-তুলসী সজা এই অপ-প্ৰয়াসক নিদিলেহেতেঁন কেতিয়াও প্ৰশ্ৰয়।
অভিযোগ উঠিলে,ৰাইজে বিচাৰিলে,ৰাইজৰ কাঠগড়াত উঠিবলৈ সাজু থাকিলহেতেঁন। পুৰণি ঘটনা প্ৰবাহক টানি আনি নিজক শ্ৰেষ্ঠ সজাৰ প্ৰৱণতাৰ গৰাকী হ’বলৈ ইচ্চা নকৰিলে হয়।
ৰাইজৰ ধন ব্যয় কৰোতে এবাৰলৈ হ’লেও ভাবিলে হয়- সেয়া কিমান মূল্যৱান। আনৰ বাবে যি নিয়ম,নিজৰ বাবেও একেই নিয়ম ৰচিলে হয়। কৰ্মচাৰীক পেঞ্চনৰ নামত 'কণা হাঁহক পতান' দি নিজৰ বাবে পুৰণি নিয়ম বাহাল নাৰাখিল হয়।
যদি আপুনি এজন ভাল বিধায়ক বা মন্ত্ৰী হ’ল হয় গাম্ভীৰ্যতা ৰক্ষা কৰি আচৰণ কৰিলে হয়। নিৰ্বাচনত জিকাই,সম্পত্তি ঘটাই আপোনাৰ ৰাজনীতিৰ লক্ষ্য নহ’ল হয়।
গণতন্ত্ৰৰ প্ৰমূল্যবোধক সন্মান জনাবলৈ শিকিলেহেতেঁন। নিজৰ আচৰণ সঠিক কৰি দাম্ভিকতাক বিসৰ্জন দিলেহেতেঁন। ৰাইজৰ সেৱকৰূপত আত্মপৰিচয় গঢ়িল হয়।
এতিয়াতো মন্ত্ৰী-বিধায়ক মানেই সাগৰলৈ বহুদূৰ। কি শাসক,কি বিৰোধী প্ৰায় সকলোৰে মতি-গতি একেই যেনেই বোধ হয়। চৰ্চাত থকাৰ ইচ্চাই তেওঁলোকক কেতিয়াবা কৰি পেলাই একো একোজন অভিনেতা।
আগতে মানুহে ক্ষোভ,অসন্তুষ্টিৰ কথা দেৱালত লিখিছিল। সেয়েহে দেৱাল লিখন পঢ়িবলৈ ৰাজনৈতিক নেতাক কোৱা হৈছিল। যদিও সেয়া পঢ়িবলৈ তেওঁলোকৰ আজৰি নাছিল।
আজি আপুনি যদি মন্ত্ৰী-বিধায়ক হ’ল হয়;সামাজিক মাধ্যমত মানুহে লিখা কথাবোৰ পঢ়িলহেতেঁন। বুজিলেহেতেঁন কোনফালে বৈছে বতাহ। মানুহবোৰৰ মাজত কিমান ক্ষোভ,হতাশা।
হিতাধিকাৰীৰ নামত ৰাজনীতি হয়তো আপুনি নকৰিলে হয়। এইবোৰতো ৰাজনীতিৰ চমক,বিজুলীৰ ভমক ! দল আৰু নেতাৰ নিৰ্বাচন জয়ৰ গেৰাণ্টীৰ কৌশল। যিবোৰ এতিয়া হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিশ্ৰুতি। কি কৰিবতকৈ কি দিব তাক লৈ নিৰ্বাচনত হৈ পৰে ব্যস্ত।
এনে বহুবোৰ কথা হয়তো আপুনি ভাবে কেতিয়াবা। যেতিয়া সন্মুখত দেখে-ৰাজনীতিৰ নামত বান্দৰ নাচৰ খেলা। পঞ্চায়তৰ প্ৰতিনিধি হ’বলৈয়ো লাগিব শিক্ষাগত অৰ্হতা। অথচ মন্ত্ৰী-বিধায়ক হ’বলৈ থাকিলেই হ’ব আপোনাৰ 'টীপ চহী' মৰা দক্ষতা।
ভাবেনে কেতিয়াবা আপুনি মন্ত্ৰী-বিধায়ক হোৱাৰ কথা। কৰেনে মনতে হৈ গ’লে মন্ত্ৰী-বিধায়ক;কি কৰিব,কি নকৰিব তাৰ তালিকা।
চকুৰ আগত দেখি থকা ঘটনা প্ৰবাহে নকৰেনে আপোনাক হতাশ। দেশ চলাবলৈ দায়িত্ব লোৱা নেতা,ৰাজনৈতিক দলবোৰেই সময়ত হৈ পৰে ঠিকাদাৰ।
শাসক-বিৰোধীৰ মাজত চলে শব্দৰ খেল। পৰস্পৰে আমিয়েই ভাল বুলি মাৰে শব্দৰ শেল।ভোটৰ অংকৰ ৰাজনীতিত নিস্তেজ হয় সততা। এনেকৈয়ে চলি আছে,চলি থাকিব নেকি গণতন্ত্ৰ ? নে আকৌ আহিব পৰিৱৰ্তন।
কোন ভাল তাৰ হ’ব আপেক্ষিক বিচাৰ। এদিনৰ বাবেই হ’লেও ৰাইজ হ’ব ৰজা।তাৰ পাছত তেওঁলোকৰ হাততেই সকলো। ৰাইজ হ’ব দৰ্শক। বৰ্তমানৰ মন্ত্ৰী-বিধায়কসকলক দেখি ভাবেনে কেতিয়াবা এনে কথা। যিবোৰ কথা গণতন্ত্ৰত প্ৰকৃততে হ’ব লাগে সঁচা,ৰাইজেই য’ত ৰজা।
তেনে এখন দেশৰেতো আপুনি প্ৰজা। আপোনাৰতো আছে মন্ত্ৰী-বিধায়ক হোৱাৰ অধিকাৰ। দেশক,জনতাক প্ৰতাৰণা নকৰা মন্ত্ৰী-বিধায়কৰতো এতিয়া সময়ৰ অপেক্ষা।