আঠখেলীয়া জাতীয় বিদ্যালয়ত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ও নৱগতা আদৰণি সভা...

আঠখেলীয়া জাতীয় বিদ্যালয়ত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ও নৱগতা আদৰণি সভা...

ডিজিটেল সংবাদ, গোলাঘাট : ২০০৭ চনত প্ৰতিষ্ঠা লাভ কৰি ২০১৫ চনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ একেৰাহে ৯ বছৰ ১০০% উত্তীৰ্ণ হোৱা আৰু প্ৰথম বৰ্ষৰ বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ ১০০% সফল হোৱা আঠখেলীয়া জাতীয় বিদ্যালয়ৰ নৱাগতা আদৰণি সভা আৰু সম্বৰ্ধনা সভা শুকুৰবাৰে বিদ্যালয়ৰ প্ৰেক্ষাগৃত অনুষ্ঠিত হয়।

এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে অৱসৰ প্ৰাপ্ত শিক্ষক হৰেণ গগৈয়ে। আনহাতে আদৰণি ভাষণ পাঠ কৰে বিদ্যালয়ৰ পৰিচলনা সমিতিৰ সভাপতি তাৰানাথ বৰাই। লগতে সভাত সাংবাদিক পৰাগ বৰুৱাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানটিৰ আঁত ধৰে সঞ্চালক মনোজ শইকীয়া আৰু ভাৰতী শইকীয়াই।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ২০গৰাকী আৰু উচ্চতৰ মাধ্যমিকৰ ১৩গৰাকী ছাত্ৰ-ছাত্ৰীক গামোছা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাৰ মাজে মাজে ছাত্ৰ-ছাত্ৰীয়ে নৃত্য-গীত পৰিবেশনেৰে আমোদ দিয়ে উপস্থিতসকলক। উল্লেখ্য উক্ত সভাতেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা গৌৰাংগ বৰা আৰু উচ্চতৰ মাধ্যমিকত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰী দুগৰাকীক অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী পূৰ্ণিমা বৰাই গামোছা আৰু গ্ৰন্থৰে সম্বৰ্ধনা জনায়।

আঠখেলীয়া জাতীয় বিদ্যালয়ত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ও নৱগতা আদৰণি সভা...
দিল্লী সুৰা কেলেংকাৰীত অভিযুক্তৰ ৫২ কোটি টকাৰ সম্পত্তি জব্দ ই ডিৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in