
ডিজিটেল সংবাদ ঢকুৱাখনা: পোহৰৰ উৎসৱ দিপাৱলীৰ উৎসৱমুখীতাত ঢকুৱাখনাবাসী আচ্ছন্ন হৈ থকাৰ সময়তে সংঘটিত হয় এক অগ্নিকাণ্ড। মহকুমাটোৰ সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত কেঁকুৰী পঞ্চায়তৰ ন কৰৈগুৰি গাঁওত দেওবাৰে সংঘটিত হয় এই অগ্নিকাণ্ড।
গাঁওখনৰ সুনীল শইকীয়া নামৰ চহা ব্যক্তিগৰাকীৰ মূল গৃহ সংলগ্ন ৰান্ধনী গৃহত দেওবাৰে পুৱা বেলা প্ৰায় ১০ বজাত অকস্মাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে । নিমিষতে সূত্ৰপাত হৈ চানি ধৰা অগ্নিকাণ্ডই শইকীয়াৰ ৰান্ধনী গৃহৰ সতে সংলগ্ন মূল গৃহ আচ্ছন্ন কৰাত গৃহস্থই দেখি সমীপৰ ৰাইজক অৱগত কৰে।
স্থানীয় ৰাইজে তৎপৰতাৰে উপস্থিত হৈ জুই নুমোৱাই কৰাল গ্ৰাসৰ পৰা মূল গৃহৰ কিছু অংশ সুৰক্ষিত কৰিবলৈ সক্ষম হয় যদিও ঘৰৰ ভিতৰত থকা বহু সংখ্যক ধান, আচবাব , সা-সম্পত্তি সম্পূৰ্ণ ৰূপে জুইত জাহ যায়। পাছত ঢকুৱাখনা অগ্নি নিৰ্বাপক বাহিনীৰ এটা দল গৈ জুই নিৰ্বাপন কৰে।
অগ্নিকাণ্ডৰ কাৰণ অদ্যপি পোহৰলৈ অহা নাই যদিও বৈদ্যুতিক শ্বৰ্ত চাৰ্কিত বুলি সন্দেহ কৰা হৈছে। জানিব পৰা মতে কৃষিজীৱি পৰিয়ালটোৰ ৭ লক্ষাধিক টকা মূল্যৰ সা-সম্পত্তি জুইত জাহ যায় ।
অঞ্চলবাসী ৰাইজে কৃষক পৰিয়ালটোৰ এনে বিপর্যয়ৰ জোৰা মাৰিবলৈ চৰকাৰৰ তৰফৰ পৰা এককালীন অৰ্থ সাহায্য প্ৰদানৰ দাবী জনাইছে আৰু মহকুমা প্ৰশাসনৰ হস্তক্ষেপ কামনা কৰিছে ।