বহি:ৰাজ্যত সন্ধানহীন অসমৰ যুৱক...

গোলাঘাটক এখন ঘৰত পুত্ৰ সন্ধানহীন খবৰে সৃষ্টি কৰিছে শোকাকুল পৰিৱেশৰ...

author-image
Asomiya Pratidin
New Update
বহি:ৰাজ্যত সন্ধানহীন অসমৰ যুৱক...

ডিজিটেল সংবাদ, গোলাঘাট : কৰ্মৰ সন্ধানত বহি:ৰাজ্য লৈ যোৱা অসমৰ বহু যুৱক-যুৱতীৰ সন্ধানহীন খবৰে ৰাজ্যবাসীক দুখী কৰি তোলে। ঠিক তেনে এক খবৰে এটা পৰিয়ালক চিন্তিত কৰি তুলিছে।

Advertisment

২০১৫ চনৰ পৰা বাংগালোৰত কৰ্মৰত হৈ থকা এজন যুৱক বিগত ৬ দিন ধৰি নিৰুদ্দেশ হৈ আছে । খুমটাইৰ শাঁওতলীৰ দিনেশ কুৰ্মী নামৰ যুৱকজনৰ কোনো শুংসূত্ৰ নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালটো। যোৱা ৬ এপ্ৰিল তাৰিখে যুৱকজনে শেষবাৰৰ কাৰণে ফোন কৰিছিল ঘৰলৈ ।

তাৰ পিছৰ পৰাই কোনোধৰণৰ যোগাযোগ হোৱা নাই যুৱকজনৰ সৈতে। পৰিয়ালটোৱে খুমটাই আৰক্ষী আৰু গোলাঘাটৰ উপায়ুক্তক বিষয়টো অৱগত কৰিছে যদিও বৰ্তমানলৈকে কোনো শুংসূত্ৰ ওলোৱা নাই ৷ সেয়েহে এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে খুমটাই শাঁওতলীৰ পৰিয়ালটোত ।

মাক-দেউতাক সহিতে পৰিয়ালৰ সকলোৰে চকুত কেৱল চকুপানী ৷ যদি কোনো লোকে যুৱকজনৰ সন্ধান পাই তেন্তে ৬০০২৩২৪৪৭৫, ৮৮২২৮৭০৮০৩ নম্বৰত পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷

Also Read: দৰ্শকেও গঢ়িব নেকি ৱৰ্ল্ড ৰেকৰ্ড ? লানি নিচিঙা শাৰী কলাক্ষেত্ৰৰ সন্মুখত...

ASSAM GOVERNMENT Assam police