/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/bea0b575-54b8-44e4-9412-156a3ba49d57/2.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ অসম চাহ জনজাতি ছাত্ৰ সন্থা প্ৰাক্তন নেতা , অসম চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ, গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, ৰাজনীতিজ্ঞ অৰুন খেৰীয়ায়ে মঙ্গলবাৰে মৃত্যুক সাৱতি লয় ৷
উল্লেখ্য যে কিছুদিনৰ পৰা ৰোগত আক্ৰান্ত হৈ আছিল খেৰীয়া ৷ মঙ্গলবাৰে পুৱা গোলাঘাট, বেঙেনাখোৱা স্থিত নিজ বাসগৃহত তেখেতৰ মৃত্যু হয় ৷ মৃত্যুৰ সময়ত মৃতকৰ বয়স আছিল ৮৫ বছৰ ৷ অৰুন খেৰীয়াৰ পিতৃ আছিল স্বাধীনতাৰ পাছত গোলাঘাট প্ৰথমজন চাহ জনগোষ্ঠীয় বিধায়ক প্ৰয়াত চানু খেৰীয়া ৷
অন্যহাতে তেখেতৰ গৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জগদীশ বৰাইকৰ লগতে বহু সংখ্যক আটছাৰ কৰ্মকৰ্তায়ে ৷
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গৰাকীৰে অৰুন খেৰীয়াৰ মৃত্যুয়ে জিলাখনৰ লগতে চাহ জনগোষ্ঠী আৰু ৰাজ্যখনৰে এক অপুৰণীয় ক্ষতি বুলি উল্লেখ কৰে ৷ অৰুন খেৰীয়াৰ মৃত্যুত গোলাঘাটৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠা, দল-সংগঠনৰ লগতে বিভিন্নজন শুভাকাংক্ষীয়ে সমবেদনা জ্ঞাপন কৰে ৷
Also Read: জাপানীজ এন্কেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু যুৱতীৰ