/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/dd9c1d25-9f13-4620-9b16-77ad0a22495f/arun_goswami_12.jpg)
ঔপন্যাসিক, স্তম্ভ লেখক, ৰাজনৈতিক বিশ্লেষক অৰুণ গোস্বামী আৰু নাই...
ডিজিটেল ডেস্কঃ বিশিষ্ট ঔপন্যাসিক, ৰাজনৈতিক বিশ্লেষক অৰুণ গোস্বামী আৰু নাই। আজি সন্ধিয়া তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ সু-সন্তান অৰুণ গোস্বামীৰ মৃত্যুত তেওঁৰ অনুৰাগীসকলৰ মাজত শোকৰ ছাঁ পৰিছে।
ৰাজ্যৰ বিভিন্ন সংবাদ পত্ৰত ধাৰাবাহিকভাৱে তেখেতৰ ৰাজনৈতিক বিশ্লেষণাত্মক নিবন্ধ প্ৰকাশ পোৱাৰ লগতে ৰাজ্যৰ বৌদ্ধিক জগতখনত এক সুকীয়া আসন দখল কৰিছিল। গৌস্বামীৰ মৃত্যুৱে অসমৰ বৌদ্ধিক ক্ষেত্ৰতখনত এক বৃহৎ শূন্যতাৰ সৃষ্টি কৰিলে বুলিও উল্লেখ কৰিছে তেওঁৰ অনুগামীসকলে। উল্লেখ্য যে এইগৰাকী বিশিষ্ট ঔপন্যাসিক, স্তম্ভ লেখকে মৰণোত্তৰ দেহ দান কৰিও গৈছে।
Also Read: গাইনদী মথাউৰি আসোঁৱাহপূৰ্ণভাৱে নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ...