/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/3a036287-136f-44ef-9df1-638c4116bc45/gainodi_12.jpg)
গাইনদী মথাউৰি আসোঁৱাহপূৰ্ণভাৱে নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ...
ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহচক্ৰৰ অন্তৰ্গত কেৰেকনি গাওঁ অঞ্চলত জল সম্পদ বিভাগে গাইনদীৰ মথাউৰিটো দুয়োপাৰে বিজ্ঞান সন্মতভাৱে শীঘ্ৰে নিৰ্মাণ কৰা আৰু চুমনী গাঁৱৰ পৰা আমগুৰি দলঙলৈকে গড়কাপ্তানি পথ বিভাগৰ মথাউৰিটো বেঁকাকৈ নিৰ্মাণ কৰাৰ পৰিবৰ্তে পোনকৈ নিৰ্মাণ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু কেৰেকনি গাঁৱৰ তিনি শতাধিক ৰাইজে মঙ্গলবাৰে ধেমাজি জলসম্পদ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত বিভাগটোৰে প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷
প্ৰতিবাদকাৰীসকলে ভিন্ন ভিন্ন শ্ল’গানৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী৷ ইফালে ধেমাজি জলসম্পদ বিভাগটোৱে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ নকৰা পৰ্যন্ত ধাৰাবাহিক আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল চুতীয়া আৰু ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়াই ৷