কাজিৰঙাত আনভাইনচ ৰাণ ফৰ দ্য ৰাইন' আল্ট্ৰা ৰাণ প্ৰতিযোগিতা

কাজিৰঙাত আনভাইনচ ৰাণ ফৰ দ্য ৰাইন' আল্ট্ৰা ৰাণ প্ৰতিযোগিতা

ডিজিটেল সংবাদ,কাজিৰঙা : কাজিৰঙাৰ গঁড় সুৰক্ষাৰ প্ৰসংগক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ পৰিকল্পনাৰে ৰবিবাৰে পুৱা আৰম্ভ হয় 'ৰাণ ফ’ৰ দ্য ৰাইন’ শীৰ্ষক শিৰোনামৰ মাৰাথন দৌৰ প্ৰতিযোগিতা ৷ Anvayinsৰ উদ্যোগত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সহযোগত আয়োজিত 'ৰাণ ফ’ৰ দ্য ৰাইন’ Ultra Run at Kaziranga প্ৰতিযোগিতাত দেশৰ ১৯ খন ৰাজ্যৰ লগতে বিদেশী ৰাষ্ট্ৰ জাপান আৰু বাংলাদেশৰ সৰ্বমুঠ ৯৫০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷

কাজিৰঙাৰ বৰগছ ৰিজ'ৰ্টত ৰবিবাৰে পুৱা ৫-৩০ বজাত আৰম্ভ হোৱা প্ৰতিযোগিতাৰ ৫২ কিলোমিটাৰ শাখা পতাকা জোকাৰি মুকলি কৰে আনভাইনচৰ মুখ্য কাৰ্যবাহী বিষয়া নিশিকান্ত দাসৰ লগতে সংগঠনটোৰ আন এগৰাকী কৰ্মকৰ্তাই ৷ উদ্যোক্তাসকলে জানিবলৈ দিয়ামতে, ৫২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দৌৰ প্ৰতিযোগিতা অসমৰ প্ৰথম তথা একমাত্ৰ আল্ট্ৰা ৰাণ।

এই প্ৰতিযোগিতাৰ জৰিয়তে গঁড়ৰ সুৰক্ষাৰ লগতে শৰীৰ চৰ্চা আৰু সু-স্বাস্থ্যৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা এই প্ৰতিযোগিতাৰ পৰা সংগৃহীত ধনৰ এটা পৰিমাণ কাজিৰঙাৰ গঁড় সুৰক্ষা পূঁজিলৈ আগবঢ়োৱা হয়। চলিত বৰ্ষৰ ২৮ জানুৱাৰীত অনুষ্ঠিত প্ৰথম আনভাইনচ ৰাণ ফ’ৰ দ্যা ৰাইন’— আল্ট্ৰা ৰাণ এট কাজিৰঙাৰ সফলতাৰ পিছত ৰবিবাৰে অনুষ্ঠিত হয় আলট্ৰা ৰাণৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হয় ৷

এইবাৰ প্ৰতিযোগিতাত ৫২ কিলোমিটাৰৰ লগতে ২৬, ১০ আৰু ৫ কিলোমিটাৰ শাখাতো অংশগ্ৰহণকাৰীসকলে দৌৰাৰ সুযোগ লাভ কৰাৰ লগতে প্ৰতিযোগীসকলে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলৰ গাঁও,পাহাৰ, চাহ বাগিচা আদিৰ মাজেৰে দৌৰাৰ ব্যতিক্ৰমী অভিজ্ঞতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷ এই পৃথক শাখাত মুঠ ৪ লাখ টকাৰ প্ৰাইজমাণি ধাৰ্য কৰা হৈছে।

আনহাতে ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী সকলে মেডেল আৰু প্ৰতিযোগিতাত অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ লাভ কৰিব। উল্লেখ্য এই প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় মানৰ টাইমিং ছলিউশ্যন ব্যৱহাৰ কৰাৰ বাবে এই প্ৰতিযোগিতা সময়মতে সম্পূৰ্ণ কৰা সকলে দেশৰ আগশাৰীৰ সকলো শীৰ্ষ মাৰাথান, আল্ট্ৰা ৰাণ বা ট্ৰেইল ৰাণত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয়।

কাজিৰঙাত আনভাইনচ ৰাণ ফৰ দ্য ৰাইন' আল্ট্ৰা ৰাণ প্ৰতিযোগিতা
২০২৪ৰ ছেমি ফাইনেল : কোন,ক'ত আগবাঢ়ি আছে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in