চিলাপথাৰত ধেমাজি জিলা আছুৰ CAA ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কথা ঘোষণা

উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন আইনখন কিদৰে কাৰ্যকৰী কৰিব বুলিও প্ৰশ্ন
চিলাপথাৰত ধেমাজি জিলা আছুৰ CAA ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কথা ঘোষণা
চিলাপথাৰত ধেমাজি জিলা আছুৰ CAA ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কথা ঘোষণা

ডিজিটেল সংবাদ চিলাপথাৰঃ কেন্দ্ৰীয় চৰকাৰে অচিৰেই দেশজুৰি নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰাৰ কথা ঘোষণা কৰাৰ পিছতে দেশজুৰি আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। তাৰ মাজতেই আজি চিলাপথাৰত বিতৰ্কিত আইনখনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা।

ধেমাজি জিলা আছুৰ সভাপতি সঞ্জীৱ দাসে খিলঞ্জীয়া নি:শেষকাৰী নাগৰিকত্ব সংশোদনী আইন অসমীয়াই কাহানিও মনা নাই আৰু নামানে বুলি মন্তব্য কৰি প্ৰশ্ন কৰে- যি সময়ত নাগৰিকত্ব সংশোধনী আইন মহামান্য ন্যায়ালয়ত বিচাৰাধীন হৈ আছে তেনে সময়তে কি স্বাৰ্থত খিলঞ্জীয়াৰ প্ৰতি ভাবুকি সৃষ্টি কৰা আইনখন বলবৎ কৰিবলৈ লৈছে?

বিজেপি চৰকাৰ ন্যায়ালয়ৰ উৰ্ধত নেকি বুলি প্ৰশ্ন কৰি বিতৰ্কিত বিষয়টোৰ সন্দৰ্ভত ইতিমধ্যে আছুসহ ৰাজ্যৰ ৩০ জনগোষ্ঠীয় সংগঠনৰ লগত আলোচনা কৰা হৈছে। অসম চুক্তি বিৰোধী আইনখন পুনৰ আনিলে ৰাজ্যজুৰি প্ৰবল প্ৰতিবাদ গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হৈছে।

অহা ৪ মৰ্চাৰ পৰা সংগঠনটোৰ ধেমাজি জিলাই জিলাৰ প্ৰান্তে প্ৰান্তে গৈ আইনখনৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব বুলি উল্লেখ কৰি CAA বলবৎ কৰাৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়ে।

চিলাপথাৰত ধেমাজি জিলা আছুৰ CAA ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কথা ঘোষণা
ইউনেস্ক'ৰ ভাৰতীয় প্রতিনিধিয়ে পৰিদৰ্শন কৰিলে চৰাইদেউ মৈদাম ক্ষেত্ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in