গোলাঘাটত অংগনবাড়ী কৰ্মী সহায়িকাৰ ধৰ্মঘট

গোলাঘাটত অংগনবাড়ী কৰ্মী সহায়িকাৰ ধৰ্মঘট

ডিজিটেল সংবাদ, গোলাঘাটঃ চলিত বাজেট অধিৱেশনত চৰকাৰে ৰাজ্যখনৰ অংগনবাড়ী কর্মী সহায়িকাসকলৰ বাবে কোনো শিতান ধাৰ্য নকৰাৰ বাবে কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে । দীৰ্ঘদিনীয়া দাবীসমূহ আওকাণ কৰি অহাৰ প্ৰতিবাদত আৰু দাবী সমূহ পূৰণ কৰাৰ দাবীত সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই অহা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত কৰ্মবিৰতি পালন কৰিব। শনিবাৰে গোলাঘাটত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰি সন্থাৰ গোলাঘাট জিলা সমিতিৰ সভানেত্ৰী দুলুমণি শইকীয়া আৰু সাধাৰণ সম্পাদিকা জুনু বড়া চুতিয়াই কয় যে চৰকাৰে দীৰ্ঘদিন ধৰি অংগনবাড়ী কৰ্মী সহায়িকা সকলক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আহিছে। সহায়িকা সন্থাই দীৰ্ঘ দিন ধৰি নিজৰ দাবী সমূহ চৰকাৰৰ ওচৰত সজোৰে উত্থাপন কৰি আহিছে যদিও চৰকাৰে আওকনীয়া মনোভাৱহে গ্ৰহণ কৰিছে।

অঙ্গনবাড়ী কৰ্মী-সহায়িকা সন্থাৰ বহুদিনীয়া মূল দাবী বৰ্দ্ধিত মাননিৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ বাবে গোলাঘাট জিলাৰ অন্তৰ্গত আটাইকেইটা সংহত শিশু উন্নয়ণ প্রকল্পৰ কৰ্মী-সহায়িকাসকলে অহা ২৬ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অনির্দিষ্ট কালৰ বাবে বিভাগীয় কোনো দায়িত্ব আৰু কৰ্তব্য পালন কৰাৰ পৰা বিৰত থাকিব বুলি সংবাদ মেলত উল্লেখ কৰে । এই অসহযোগ কাৰ্যসূচীৰ সময়চোৱাত পোষণ ট্ৰেকাৰ, বি.এল.অ’, স্বাস্থ্য বিভাগৰ কাম-কাজ আৰু মাহেকীয়া প্ৰতিবেদন এই সকলো কামৰ পৰা কৰ্মী সকল বিৰত থাকিব।

অন্যহাতে যদি ২৭ফেব্ৰুৱাৰীৰ ভিতৰত চৰকাৰে কোনো ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে গোলাঘাট জিলাৰসমূহ কর্মীসহায়িকাই আন্দোলনৰ কাৰ্যসূচী লৈ ৰাজপথলৈ ওলাই আহিব বুলিও চৰকাৰক সতৰ্ক কৰি দিয়া হয়।

গোলাঘাটত অংগনবাড়ী কৰ্মী সহায়িকাৰ ধৰ্মঘট
ধেমাজিতো আটক সুদখোৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in