Advertisment

ধেমাজিতো আটক সুদখোৰ

উল্লেখ্য যে সুদখোৰ বিজয় নৰহে দুজন চৰকাৰী কৰ্মচাৰীক সুদত টকা দি সৰ্বশ্ৰান্ত কৰাৰ অভিযোগ উথাপন হৈ আহিছিল ৷

author-image
Asomiya Pratidin
New Update
ধেমাজিতো আটক সুদখোৰ

ডিজিটেল সংবাদ, ধেমাজিঃ অলপতে ধেমাজিত এখন মুকলি সভাত মুখ্যমন্ত্ৰী সুদখোৰ সকলক ধৰিবলৈ ঘোষণা কৰি যোৱা পিছতেই আৰক্ষীয়ে তৎপৰ হৈ শনিবাৰে ধেমাজিত বিজয় নৰহ নামৰ সুদখোৰ এজনক ধেমাজি আৰক্ষীয়ে আটক কৰিছে ৷

Advertisment

উল্লেখ্য যে সুদখোৰ বিজয় নৰহে দুজন চৰকাৰী কৰ্মচাৰীক সুদত টকা দি সৰ্বশ্ৰান্ত কৰাৰ অভিযোগ উথাপন হৈ আহিছিল ৷ চৰকাৰী কৰ্মচাৰী কৃষ্ণ দাস আৰু বুদ্ধেশ্বৰ বৰুৱাই ধেমাজি আৰক্ষীক বিজয় নৰহৰ বিৰুদ্ধে বহু দিনৰ আগতেই এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ এতিয়া মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই শনিবাৰে আৰক্ষীয়ে বিজয় নৰহক নিজ বাসগৃহৰ পৰা আটক কৰে। বৰ্তমান বিজয় নৰহক ধেমাজি সদৰ আৰক্ষী থানা সোধপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Also Read: কঠীয়াতলী শংকৰদেৱ বিদ্যা নিকেতনৰ শ্ৰেণীকোঠাৰ শিলান্যাস

money laundering dhemaji police