
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ পৌৰ সভাসমূহত ব্যাপক দুৰ্নীতি,অনিয়ম তথা স্বজন-তোষণ হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ দেওবাৰে কাকতলৈ দিয়া এক প্ৰেছ বিবৃতিত সংগঠনটোৱে কয় যে, "জিলাখনৰ ভিতৰতে ব্যাপক দুৰ্নীতিৰ বোকাত লুতুৰি-পুতুৰি খাইছে দেৰগাঁও পৌৰ সভা। পৌৰ সভা গঠন হোৱা দিনৰে পৰা ৱাৰ্ড কমিচনাৰ আৰু পৌৰপতিৰে হোৱা সংঘাতৰ ফলত নগৰ খনৰ উন্নয়নত ব্যাপক স্থবিৰতা আহি পৰা দেখা গৈছে ।"
এনে স্থবিৰতাৰ পিছতো ভূতৰ ওপৰত দানহ পৰাদি পৰা বুলি অভিযোগ উঠিছে পৌৰ সভাখনৰ পৌৰপতি ৰূপাঞ্জলি বৰা আৰু তেওঁৰ স্বামী যতীন বৰাৰ বিৰুদ্ধে। পৌৰপতি আৰু তেওঁৰ স্বামীৰ অতপালি দিনক দিনে বৃদ্ধি পোৱাৰো অভিযোগ উঠিছে । গুৰু গোসাই নামানি নিজ খেয়াল খুছি মতে যিকোনো কাম কৰিব বিছাৰে বুলিও দলটোৱে মত প্ৰকাশ কৰিছে ।
পৌৰ সভাখনৰ শ্ৰমিকসকলে নিজ প্ৰাপ্য বিছাৰি বাৰম্বাৰ আবেদন নিবেদন কৰিও কোনো সুফল নোপোৱাৰ পাছত আন্দোলন কৰাত এজন শ্ৰমিকক চাকৰিৰ পৰা নিলম্বন কৰা ঘটনাই সমগ্ৰ দেৰগাঁৱতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন অভাৱত জৰ্জৰিত এই শ্ৰমিকসকলে নিজ প্ৰাপ্য বিছাৰি আন্দোলন কৰিয়েই নিজৰ চাকৰি হেৰুৱাব লগা হৈছে । গণতান্ত্ৰিক দেশ এখনত নিজৰ প্ৰাপ্য বিছৰাই শ্ৰমিক সৰুকণ ঘাটোৱাৰৰ বাবে কাল হ’ল । পৌৰ সভাখনত প্ৰতিটো মুহুৰ্ততে পৌৰ পতিৰ লগতে স্বামী যতীন বৰাই ছাটোৰ দৰে লাগি থকাৰ ৰহস্য কি বুলি সংগঠনটোৱে প্ৰশ্ন কৰে ।
বিজ্ঞপ্তিটোত উল্লেখ কৰে যে, "পৌৰপতিৰ স্বামী যতীন বৰাই আনকি নগৰ খনৰ বহু লোকক ভয় ভাবুকি প্ৰদান কৰি আহিছে বিভিন্ন সময়ত । নগৰ খনৰ এজন ব্যৱসায়ীক মুকলিকৈ হত্যা কৰাৰো ভাবুকি প্ৰদান কৰা ভিডিঅ এতিয়া সকলোৰে হাতে-হাতে । ৰাজনৈতিক ক্ষমতাই মুৰত ধৰা স্বামী-স্ত্ৰী সম্প্ৰতি লাগি পৰিছে বিভিন্ন অনিয়মৰে প্ৰদান কৰা বজাৰ ,পথ আদি আবন্টন দিয়া ঠিকাদাৰৰ পৰা কমিচন খোৱাৰ অঘোষিত প্ৰতিযোগিতাত। NGO ক ঘৰে ঘৰে জাৱৰ উঠোৱাৰ দায়িত্ব দিয়াৰ পিছত পৌৰ সভাৰ দুখনকৈ গাড়ী, ড্ৰাইভাৰ ব্যৱহাৰ কৰাৰ ৰহস্য কি? কাৰ পকেটত সোমাই এই ধন ?"
পথ নিৰ্মাণৰ নামতো পৌৰসভাৰ ঠিকাদাৰে দুৰ্নীতি কৰাৰ অভিযোগ উঠিছে সাম্প্ৰতিক সময়ত । দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহন কৰা মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিত লুতুৰি-পুতুৰি খোৱা এই পৌৰসভাখনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহন কৰে সেইয়া হ'ব লক্ষনীয় বলিও সংগঠনটোৱে উল্লেখ কৰে।
সংগঠনটোৱে আজি সংবাদ মেলৰ জৰিয়তে গোলাঘাট জিলা প্ৰশাসনক গোলাঘাট জিলাৰ আটাইকেইটা পৌৰ সভাৰ কাম-কাজত চোকা নজৰ ৰখাৰ লগতে দেৰগাঁও পৌৰ সভাত চলি থকা ব্যাপক দুৰ্নীতিৰ ক্ষেত্ৰত এক উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰিছে ।
উল্লেখযোগ্য যে পৌৰসভাৰ বিৰুদ্ধে বিভিন্ন সময়ত ভিন ভিন বাতৰি প্ৰকাশ পোৱাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহন নকৰাত সংগঠনটোৱে আশ্বৰ্য প্ৰকাশ কৰে । দেৰগাঁও পৌৰসভাই ৰূপায়ন কৰা আৰু কেইবাটাও লাখটকীয়া কাম-কাজত ব্যাপক দুৰ্নীতি হোৱা সম্পৰ্কত সংগঠনটোৱে এক উচ্চ পৰ্যায়ৰ তদন্ত বিছাৰি অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহনৰ কৰিব বুলি জানিবলৈ দিয়ে ।