/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/a04b0860-e79c-4ac8-ae23-65bb12f6d0bf/bokakhat_7.jpg)
অবিবাহিতা মহিলা উন্নয়ন সমিতিৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সম্পন্ন...
ডিজিটেল সংবাদ কাজিৰঙাঃ 'অপৰিসীম প্ৰেম আৰু অসীম শক্তিৰ গৰাকী হিচাপে গণ্য কৰা মহিলা সমাজ সদায়েই সৃষ্টিৰ উৎস৷ আনকি, ভাৰতীয় সমাজখনে নাৰী জাতিটোক এক সুকীয়া স্থান প্ৰদান কৰি সমাজৰ অসূয়া-অপ্ৰীতি দূৰ কৰাৰ অৰ্থেই আৰাধনা কৰা আহিছে। কিন্তু, নাৰী মূৰ্তিৰ পূজাৰ জাকজমকতাই বাস্তৱৰ নাৰী সমাজক চুব পৰা নাই। চৰকাৰীভাৱে বিভিন্ন কাৰ্যপন্থা হাতত ল’লেও প্ৰায় প্ৰতিনিয়ত নাৰী সকল সমাজৰ বিভিন্ন দিশত উপেক্ষিত হৈ আহিছে৷'
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/a3649158-26ed-4151-a182-6266ad6ddc4e/ba559478_e59d_41d6_9108_e72dce9714f4.jpg)
আজি সদৌ অসম অবিবাহিতা মহিলা উন্নয়ন সমিতিৰ তৃতীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বোকাখাতত আয়োজন কৰা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি এইদৰে কয় বোকাখাতৰ শ্ৰম পৰিদৰ্শক ড° মনচুম কাশ্যপে এইদৰে কয়৷ তেখেতে কয় যে অবিবাহিত মহিলাসকলে বিভিন্ন ক্ষেত্ৰত হীনমন্যতাত ভূগিবলগীয়া হয়৷
ড° কাশ্যপে কয় যে নাৰী অবিহনে যিহেতু সমাজৰ উত্তৰণ সম্ভৱ নহয়, সেয়ে এখন সুস্থ সমাজৰ স্বাৰ্থত অবিবাহিত মহিলাসকলক হেয় চকুৰে চোৱাৰ বিপৰীতে সকলোৱে আদৰৰে গ্ৰহণ কৰা উচিত৷ উল্লেখ্য যে সদৌ অসম অবিবাহিতা মহিলা উন্নয়ন সমিতিৰ প্ৰতিষ্ঠা দিৱস ১০ জানুৱাৰী যদিও আজি জানুৱাৰী মাহৰ প্ৰথমটো দেওবাৰে কেন্দ্ৰীয়ভাৱে বোকাখাতৰ গোৰ্খা ভৱনত সাধাৰণ সভা অনুষ্ঠিত কৰা হয়৷
ৰাজ্যৰ বহুকেইখন জিলাৰ শতাধিক সদস্যাই অংশগ্ৰহণ কৰা সভাখন পৰিচালনা কৰে উন্নয়ন সমিতিৰ স্থায়ী সভানেত্ৰী ৰীতা হাজৰীকাই৷ সভাৰ আৰম্ভণিতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড° জয়ন্ত দাসে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/569b6a7f-9b55-485d-b284-b902f5ed2af9/4ed6df6a_6711_4389_a28f_e0c355d124c9.jpg)
তেখেতে কয় যে অৰ্থনৈতিক দিশত প্ৰায়ে পিছপৰি থকা অবিবাহিত মহিলাসকলক সমাজৰ বিভিন্ন দিশত আগবঢ়াই নিয়াৰ দায়িত্ব সকলোৰে আছে৷ এইক্ষেত্ৰত সকলো সময়তে এই বৃহৎ নাৰী শক্তিৰ স’তে সহযোগিতা আগবঢ়াবলৈ তেখেত সদা প্ৰস্তুত বুলি ড° দাসে ঘোষণা কৰে৷
অনুষ্ঠানত বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি, জ্যেষ্ঠ সাংবাদিক ভবানন্দ কলিতাও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কয় যে চৰকাৰীভাৱে অবিবাহিত মহিলাসকলৰ উত্তৰণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে বহুক্ষেত্ৰত যেন সেয়া সঁচা অৰ্থত সকলোকে চুব পৰা নাই৷ তেখেতে অবিবাহিত মহিলাসকলক বৰ্তমানতকৈয়ো বলিষ্ঠভাৱে একত্ৰিত হৈ নিজৰ অধিকাৰসমূহ পাবৰ বাবে প্ৰস্তুত হ’বলৈ আহ্বান জনায়৷
অনুষ্ঠানত অবিবাহিতা মহিলা উন্নয়ন সমিতিৰ কেন্দ্ৰীয় সম্পাদিকা অৰুণিমা মহন্তৰ লগতে কেন্দ্ৰীয় বিষয়ববীয়া ভানু বৰুৱা, সত্যৱতী হাজৰিকাৰ লগতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ নাগৰিক পৰেশ দেৱনাথ৷
Also Read: সাংস্কৃতিক মহাবিদ্যালয়ৰ পাঠদানৰ শুভাৰম্ভ..
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us