সাংস্কৃতিক মহাবিদ্যালয়ৰ পাঠদানৰ শুভাৰম্ভ..

সাংস্কৃতিক মহাবিদ্যালয়ৰ পাঠদানৰ শুভাৰম্ভ..

author-image
Asomiya Pratidin
New Update
সাংস্কৃতিক মহাবিদ্যালয়ৰ পাঠদানৰ শুভাৰম্ভ..

ডিজিটেল সংবাদ গোলাঘাট: সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক, নগাঁও জিলাৰ শ্ৰীশ্ৰীজগৰাল সত্ৰৰ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীয়ে আজি সদৌ অসম সত্ৰ মহাসভাৰ গোলাঘাট সাংস্কৃতিক মহাবিদ্যালয়ৰ শ্ৰেণীসমূহৰ পাঠদানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ।

Advertisment

অনুষ্ঠানত শ্ৰীশ্ৰী ব্ৰহ্মচাৰী সৰুভাগ সত্ৰৰ সত্ৰাধিকাৰ তথা সদৌ অসম সত্ৰ মহাসভাৰ অন্যতম উপ-সভাপতি শৈলেন্দ্ৰ গোস্বামী, শ্ৰীশ্ৰী বেঙেনাআটী সত্ৰৰ সত্ৰাধিকাৰ,সদৌ অসম সত্ৰ মহাসভাৰ উপদেষ্টা বিষ্ণু গোস্বামী, সদৌ গোলাঘাট জিলা সত্ৰ মহাসভাৰ সম্পাদক তথা সদৌ অসম সত্ৰ মহাসভাৰ অন্যতম উপ-সভাপতি প্ৰদীপ গোস্বামী,সদৌ গোলাঘাট জিলা সত্ৰ মহাসভাৰ সভাপতি কমল চন্দ্ৰ গোস্বামী,কাৰ্যকৰী সভাপতি হেমকান্ত মহন্ত, সাংস্কৃতিক সম্পাদক ৰাজেন মহন্ত, সহ সম্পাদক অৰুণ মহন্ত, সদৌ অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ পৰীক্ষা নিয়ন্ত্ৰক ড০ পদ্মলোচন ভূঞা,সদৌ গোলাঘাট জিলা যুৱ তীৰ্থৰ সভাপতি তনুজ মহন্তকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।

Also Read: নৱবৰ্ষৰ প্ৰথম দেওবাৰে জনসমুদ্ৰত পৰিণত অসম গ্ৰন্থমেলাঃ ১০ দিনত ৩.৭৫ কোটি টকাৰ গ্ৰন্থ বিক্ৰী...

সাংস্কৃতিক মহাবিদ্যালয়