গোলাঘাটত অসম জাতীয় পৰিষদৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে নাগৰিক সভা...

গোলাঘাটত অসম জাতীয় পৰিষদৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে নাগৰিক সভা...
গোলাঘাটত অসম জাতীয় পৰিষদৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে নাগৰিক সভা...

ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাট নগৰৰ নামবৰ অতিথিশালাৰ সভা কক্ষত আজি অসম জাতীয় পৰিষদ, গোলাঘাট জিলা সমিতিৰ উদ্যোগত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে এখনি নাগৰিক সভা অনুষ্ঠিত কৰা হয়। অধিবক্তা তথা জ্যেষ্ঠ নাগৰিক ভৱেশ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত শেহতীয়াকৈ বিজেপি চৰকাৰখনৰ সাম্প্ৰদায়িকতাৰ স্থিতি আৰু অত্যাৱশ্যকীয় সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে উপস্থিত নাগৰিকসকলে সহমত প্ৰকাশ কৰে।

সভাত বক্তব্য দাঙি ধৰি উপস্থিত বিভিন্ন জনে কয় যে,মূল্যবৃদ্ধি ৰোধ কৰিব নোৱোৰা চৰকাৰখনে যেতিয়া মূল্যবৃদ্ধিৰ প্ৰসংগত বিভাগী মন্ত্ৰী তথা শাসকীয় পক্ষক প্ৰশ্ন কৰা হয় তেতিয়াই কেতবোৰ টুলুঙা মন্তব্য কৰি বিষয়টোৰ পৰা আঁতৰি যায়। কেৱল হিতাধিকাৰীৰ সংখ্যা বঢ়াবলৈ গৈ ঋণত ডুব গৈছে চৰকাৰখন।

এই সন্দৰ্ভতেই আজি গোলাঘাটৰ সচেতন তথা বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াৰে এখনি নাগৰিক সভাৰ আহ্বান কৰে অসম জাতীয় পৰিষদে। আজিৰ এই সভাত পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰীণা শইকীয়া, পৰিষদৰ ভগ্নিসংগঠন মহিলা শক্তিৰ প্ৰাক্তন সভানেত্ৰী ৰঞ্জু বৰা, ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক প্ৰবীণ দাস, গোলাঘাট জিলা সমিতিৰ সম্পাদক ৰাতুল দত্ত, জিলা কাৰ্যনিৰ্বাহক সদস্যক্ৰমে প্লাৱন বৰদলৈ, প্ৰিন্স নেওগ, বিশিষ্ট নাগৰিক হৰেশ্বৰ কলিতা, মমী বৰঠাকুৰ, প্ৰবীণ তামুলী, বসন্ত কুমাৰ গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি নিকুঞ্জ মেধি, আব্দুল হাচিম, আমছু খিলঞ্জীয়াৰ কেন্দ্ৰীয় সভাপতি ইছাদ হুছেইন, জাতীয় সংগ্ৰামী সেনা গোলাঘাট জিলা সমিতিৰ সভাপতি মানৱ গগৈ আদি উপস্থিত থাকে।

গোলাঘাটত অসম জাতীয় পৰিষদৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে নাগৰিক সভা...
চিৰাঙৰ আদলতত ৰায় দিয়াৰ পূৰ্বেই পলাল আচামী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in