চিৰাঙৰ আদলতত ৰায় দিয়াৰ পূৰ্বেই পলাল আচামী...

চিৰাঙৰ আদলতত ৰায় দিয়াৰ পূৰ্বেই পলাল আচামী...

author-image
Asomiya Pratidin
New Update
চিৰাঙৰ আদলতত ৰায় দিয়াৰ পূৰ্বেই পলাল আচামী...

চিৰাঙৰ আদলতত ৰায় দিয়াৰ পূৰ্বেই পলাল আচামী...

ডিজিটেল সংবাদ চিৰাংঃ ৰাজ্যত পুনৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিলে আচামী। এইবাৰ স্থান চিৰাঙৰ কাজলগাওঁস্থিত সত্ৰ ন্যায়াধীশৰ আদালত চৌহদ। এই ঘটনাক কেন্দ্ৰ কৰি কাজলগাঁৱত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

আজি জিলা মুখ্য দণ্ডাধীশৰ আদালতত এক অপৰাধমূলক গোচৰত আচামী ৰাকিবৰ আলীৰ বিৰুদ্ধে বিচাৰৰ ৰায়দান কৰাৰ প্ৰাকমুহূৰ্তত প্ৰস্ৰাৱ কৰা কথা কৈ কৌশলপূৰ্ণ ভাৱে পহৰাৰত আৰক্ষীৰ চকুত ধূলি দি আচামী পলায়ন কৰে।

পলাতক আচামী ৰাকিবৰ আলী মিঞাৰ ঘৰ চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত ছোট মোজাবাৰীত। পলাতক আচামী জনক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ।

Also Read: যোৰহাট জিলা আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতা সম্পন্ন...

চিৰাঙ