দুৰ্ঘটনাত পতিত কৃষি মন্ত্ৰী অতুল বৰাৰ বাহন...

দুৰ্ঘটনাত পতিত কৃষি মন্ত্ৰী অতুল বৰাৰ বাহন...

ডিজিটেল সংবাদ, গোলাঘাটঃ কৃষিমন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাৰ এখন কনভয় দেওবাৰে দুৰ্ঘটনাত পতিত হয় । ঘটনাৰ বিৱৰণি অনুসৰি নুমলীগড়ৰ দেওপাহাৰৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোলাঘাটৰ পৰা বোকাখাত অভিমুখে আহি থকা মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ এখন গাড়ীৰ সৈতে মুখামুখি সংঘৰ্ষ হয় বিপৰীত দিশৰ পৰা অহা "টাটা YODHA"ৰ ৷

অতুল বৰাৰ লগত যোৱা AS-30-8852 নম্বৰৰ (বলেৰ') কনভয় আৰু বিপৰীত দিশেৰে অহা AS-03-CC 3930 নম্বৰৰ টাটা YODHAৰ মুখামুখি সংঘৰ্ষত দুয়োখন গাড়ীৰ লগতে চালকসহ আন এজনে কিছু পৰিমাণে আঘাত পাইছে। ইতিমধ্যে ঘটনাস্থলীত নুমলীগড় আৰক্ষী আৰু বোকাখাট আৰক্ষী উপস্থিত হৈছে।

দুৰ্ঘটনাত পতিত কৃষি মন্ত্ৰী অতুল বৰাৰ বাহন...
গোমোঠা গাঁৱত আঞ্চলিক অখণ্ড নাম মহোৎসৱৰ সামৰণি...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in