/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/9cf26bf4-16bf-431b-bbdd-d4ab4e506576/atul_bora_3.jpg)
কৃষি মন্ত্ৰীৰ কাণ্ডঃ ৫ হাজাৰ বিঘাৰ মাকৈ খেতিৰ পৰা কঠীয়ালৈ থ'বলৈও নহ'ল গুটি
ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাত বিধানসভা সমষ্টিৰ কৃষিখণ্ডৰ উন্নয়নৰ জয়ঢোলটো কৃষি মন্ত্ৰী অতুল বৰাই যিমানেই নবজাওক লাগে ইয়াৰ প্ৰকৃত ছবিখন যে তেনেই সাৰশূন্য সেয়া মন্ত্ৰীগৰাকীৰ দুটাকৈ কাৰ্যকালত প্ৰমান হৈ আহিছে বহুবাৰ।
তাৰ পাছতো একাংশ অন্ধভক্তৰ সন্মুখত চমক সৃষ্টি কৰি থাকিবলৈ অকনো সংকোচ নকৰে মন্ত্ৰীগৰাকীয়ে। শেহতীয়াকৈ বোকাখাতৰ পৰা ৬ কোটিৰ ৰঙালাও বহিঃৰাজ্যলৈ প্ৰেৰণ কৰিবলৈ লৈ দৰিদ্ৰ তথা প্ৰকৃত কৃষকক কেনেদৰে চৰম প্ৰতাৰণা কৰিলে তাৰ বিস্তৃত প্ৰতিবেদন অসমীয়া প্ৰতিদিন ডিজিটেলত ১ মাৰ্চ, ২০২৪ত প্ৰকাশ হৈ যোৱাৰ পাছত বোকাখাত বিধান সভা সমষ্টিৰ গাভৰু চাপৰিত মন্ত্ৰীগৰাকীৰ উদ্যোগত কৰা মাকৈ খেতিৰ ফলাফলে চকু কপালত তুলিব সাধাৰণ ৰাইজৰ।
RTI কৰ্মী দিলীপ নাথে শেহতীয়াকৈ গোলাঘাট জিলা কৃষি বিষয়া কাৰ্যালয়লৰ পৰা লাভ কৰা কৃষিমন্ত্ৰী অতুল বৰাই বোকাখাতৰ গাভৰু চাপৰিত কৰা মাকৈ খেতিৰ পৰা হোৱা লাভালাভৰ তথ্যই পুনৰবাৰ প্ৰমান কৰিলে যে সমষ্টিটোৰ কৃষক ৰাইজৰ উন্নতিতকৈ মন্ত্ৰীগৰাকীৰ চমক সৃষ্টিত হে আগ্ৰহ বেছি।
মন্ত্ৰী অতুল বৰাই বোকাখাতৰ গাভৰু চাপৰিত ২০২২-২৩ বৰ্ষত ঢোলে ডগৰে নিজে ট্ৰেক্টৰেৰে মাটি চহাই চাপৰিটোৰ কৃষকসকলৰ মাটিত মাকৈ খেতি কৰিছিল। সেই সময়ত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ৫০০০ হাজাৰ বিঘা কৃষিভূমি সামৰি গ্ৰহণ কৰা হৈছিল গৰুখুঁটিৰ আৰ্হিত এক সমন্বিত কৃষি প্ৰকল্প।
সেই গাভৰু চাপৰিৰ সমন্বিত কৃষি প্ৰকল্পতেই উন্নত কৃষি পদ্ধতিৰে মাকৈৰ খেতি কৰা বুলি বাৰুকৈয়ে ফোঁপযহী মাৰিছিল মন্ত্ৰী অতুল বৰাই। কিন্তু RTI কৰ্মী দিলীপ নাথে গোলাঘাট জিলা কৃষি বিষয়া কাৰ্যালয়ৰ পৰা লাভ কৰা নথি-পত্ৰত মাত্ৰ ১০০ বিঘা মাটিতহে মাকৈৰ খেতি কৰা হৈছিল বুলি তথ্য ওলাল।
অৰ্থাৎ গাভৰু চাপৰিত ৫০০০ হাজাৰ বিঘাৰ এক কৃষি প্ৰকল্পৰ কাম হাতত লোৱা হৈছে বুলি সংবাদ মাধ্যমত প্ৰচাৰ কৰাই সমষ্টিটোৰ কৃষকক ৰাম ঠগন দিছিল মন্ত্ৰী অতুল বৰাই। ইফালে ১০০ বিঘা মাটিত মাকৈৰ খেতি কৰি কঠিয়ালে থ'বলৈও মাকৈৰ উৎপাদন নহ'ল উক্ত কৃষি প্ৰকল্পত।
গোলাঘাট জিলা কৃষি বিষয়া কাৰ্যালয়লৰ পৰা দিয়া তথ্য মতে গৰু-ছাগলীৰ দানাহে হ'লগৈ মন্ত্ৰী অতুল বৰাৰ ১০০ বিঘা কৃষিভূমিৰ মাকৈ খেতি। অৰ্থাৎ পুনৰবাৰ সহজ-সৰল আৰু দৰিদ্ৰ কৃষকৰ কৃষিভূমিত একাংশ অনুগত সাংবাদিকৰ কেমেৰাৰ সন্মুখত ঢোলে ডগৰে ভোজ-ভাত খাই এক বিশাল কৃষি প্ৰকল্প হাতত লোৱা হৈছে বুলি বোকাখাত সমষ্টিৰ কৃষকক আভুৱাহে ভাৰিলে 'গাহৰিৰ ব্ৰেণ্ড এম্বেছাদৰ' হ'বলৈ ওলোৱা কৃষি মন্ত্ৰী অতুল বৰাই।
Also Read: আম্বানীৰ চকুত চকুপানী...