এতিয়াও সতৰ্ক নহয় ৰে'ল বিভাগ: এইবাৰ মধ্য প্ৰদেশত লাইনচ্যুত ৰে'ল...

এতিয়াও সতৰ্ক নহয় ৰে'ল বিভাগ: এইবাৰ মধ্য প্ৰদেশত লাইনচ্যুত ৰে'ল...

ডিজিটেল ডেস্ক : এইবাৰ জবলপুৰত এলপিজি কঢ়িয়াই অনা মালবাহী ৰে'লৰ দবা লাইনচ্যুত। মধ্যপ্ৰদেশৰ জবলপুৰৰ শ্বাহপুৰা ভিটনিত সংঘটিত হৈছে এই ঘটনা। এখন মালবাহী ৰে'লৰ এলপিজি ৰেকৰ দুটা দবা লাইনচ্যুত হোৱাৰ খবৰে ভাৰতীয় ৰে'ল বিভাগৰ গাফিলতিৰ কথাকে উদঙাইছে।

পশ্চিম মধ্য ৰে'লৱেৰ চিপিআৰঅ'ৰ মতে, মালবাহী ৰে'লখন আনলোডিঙৰ বাবে ৰখাৰ সময়ত লাইনচ্যুত হয়। বিষয়াগৰাকীৰ মতে এই ঘটনাৰ বাবে ৰে'লৰ কোনো মেইনলাইন চলাচল প্ৰভাৱিত হোৱা নাছিল। মুখ্য লাইনত ৰে'লৰ চলাচল স্বাভাৱিক ৰাখি কৰ্তৃপক্ষৰ উপস্থিতিত ৰে'লখনৰ পুনৰ উদ্ধাৰৰ কাম সফল কৰি তোলা হয়।

ঘটনাৰ ফলত যদিও বিশেষ ক্ষয়-ক্ষতি নহয় তথাপিও এনে ঘটনাৰ বাবে প্ৰশ্নৰ সন্মুখীন হৈছে ৰে'ল বিভাগ। উৰিষ্যাৰ ৰে'ল দুৰ্ঘটনাই দেশ কঁপোৱাৰ পাছকো ৰে'ল বিভাগ সতৰ্ক নোহোৱাত অৱশ্যেই চিন্তিত সচেতন মহল। উল্লেখ্য উৰিষ্যাৰ দুৰ্ঘটনাৰ এদিন পাছতেই কোকৰাঝাৰতো সংঘটিত হৈছিল দবা বিচ্ছিন্ন হোৱাৰ ঘটনা।

এতিয়াও সতৰ্ক নহয় ৰে'ল বিভাগ: এইবাৰ মধ্য প্ৰদেশত লাইনচ্যুত ৰে'ল...
বিজেপিৰ ভোটবেংক সুৰক্ষিত কৰিবলৈহে চলিছে সমষ্টি পুনৰ গঠন: অসম জাতীয় পৰিষদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in