শিল্পী দিৱসৰ বিজ্ঞাপনত মৃত্যুদিনক জন্মদিন কৰাৰ আঁৰত কোন ?

শিল্পী দিৱসৰ বিজ্ঞাপনত মৃত্যুদিনক জন্মদিন কৰাৰ আঁৰত কোন ?

ডিজিটেল ডেস্ক : ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসত উদযাপন কৰা হয় শিল্পী দিৱস । অসম চৰকাৰে শিল্পী দিৱসৰ উপলক্ষে প্ৰকাশ কৰা এটা বিজ্ঞাপনত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসৰ সলনি জন্ম দিন বুলি উল্লেখ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্মদিনত সুন্দৰৰ পূজাৰী গৰাকীলৈ অসমবাসীৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা বুলি উল্লেখ থকা বিজ্ঞাপনটোত এনে ভুলে হাহাকাৰ লগাইছে জনসংযোগ বিভাগটো ।

উল্লেখযোগ্য যে, ১৯০৩ চনৰ ১৭ জুনত তামোলবাৰী চাহ বাগিছাত জন্ম হৈছিল জ্যোতি প্ৰসাদ আগৰৱালাৰ । ১৯৫১ চনত ১৭ জানুৱাৰীত তেজপুৰত ৪৮ বছৰ বয়সত মৃত্যু হৈছিল তেওঁৰ । মুখ্যমন্ত্ৰী আৰু জনসংযোগ বিভাগৰ দ্বায়িত্বত থকা মন্ত্ৰীৰ নিৰ্দেশত এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি ইয়াৰ বাবে দায়ী সংশ্লিষ্ট বিষয়াক ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে পদক্ষেপ লৈছে বিভাগটোৰ শীৰ্ষ বিষয়াই ।

উল্লেখযোগ্য যে এই বিজ্ঞাপন প্ৰস্তূত কৰাৰ দ্বায়িত্বত থকা বিভা কলিতা নামৰ এগৰাকী বিষয়া আৰু আন এগৰাকী জনসংযোগৰ কৰ্মচাৰীক ইতিমধ্যেই কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছে ।

এই খিনিতে মন কৰিব লগীয়া যে এচ আই কেলেংকাৰীত কাৰাগাৰলৈ যোৱা দিবন ডেকাৰ পত্নী বিভা কলিতা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in