/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/feaa0c39-7205-4091-b219-e5260b4896dc/12.jpg)
ডিজিটেল সংবাদ,কাজিৰঙা : ৰীল লাইফত চ্যুট-টাই পিন্ধি পুঁজিপতিৰ চৰিত্ৰ ৰূপায়ণ কৰা এগৰাকী অভিনেতাৰ ৰিয়েল লাইফৰ অৱস্থা দেখিলে সেমেকি উঠিব দুচকু। সুদীৰ্ঘ ২৩ টা বছৰে অসমীয়া ছবি জগতত চৰিত্ৰ অভিনয়ৰে দৰ্শকৰ মন মোহিবলৈ সক্ষম হোৱা এজন অভিনেতা ৰাজকুমাৰ ঠাকুৰ।অসমীয়া ছবি জোনদা ইমান গুণ্ডা, শেহতীয়াকৈ ৰবি শৰ্মাৰ শ্ৰীৰঘুপতি আদি ছবিত অভিনয়ৰ যোগেদি দৰ্শকৰ মন মোহিবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/d54c9b31-7468-4d9b-8cbc-207865a00df0/3d7f3b55_b418_4cb0_9fe1_d6abd5431c85.jpg)
ইয়াৰোপৰি কেইবাখনো ধাৰাবাহিকত অভিনয়ৰ মাজেৰে অসমীয়া চিনেমা জগতত খ্যাতি লাভ কৰা ৰাজকুমাৰ ঠাকুৰে এতিয়া এখন চেলুনত গ্ৰাহকৰ চুলি দাড়ি কাটি পৰিয়াল পোহপাল দিছে ৷ উল্লেখ্য যে, বলিউদৰ কেইবাখনো ছবিত অভিনয় কৰাৰ উপৰি শ্ৰীৰঘুপতিতো বিশেষ চৰিত্ৰত দেখা গৈছিল ৰাজকুমাৰ ঠাকুৰক।
অভিনয় জগতত ২৩ টা বৰ্ষ সমাপন কৰি এতিয়া এক প্ৰকাৰ হতাশ হৈ পৰিছে ৰাজকুমাৰ ঠাকুৰ ৷ কিয়নো বহু আৱেদন নিবেদন কৰিও চৰকাৰৰ পৰা অলপমানো সহাৰি নাপালে ৰাজকুমাৰ ঠাকুৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/45eb6335-c41c-4ef7-9723-60fc619c5c7c/20761f25_c553_464e_8215_b7a3a5eb1e33.jpg)
শেহতীয়াকৈ কহঁৰা চাৰিআলিত এখন চেলুন খুলিবলৈ চৰকাৰীভাৱে থকা দোকানগৃহ আবেদন কৰি বিফল হৈছে ৰাজকুমাৰ ঠাকুৰ ৷ তেওঁৰ মতে ১৯৩৫ চনত স্থাপন হোৱা অসমত চলচিত্ৰ উদ্যোগে উদ্যোগ হিচাপে গঢ় ল'ব পৰা নাই ৷
Also Read: দুভাগত বিভক্ত হোৱাৰ দিশে নতুন কমলাবাৰী সত্ৰ